Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 5 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত ৰমাজান মাহৰ চওম পালন কৰে, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"জান্নাতৰ এটা দুৱাৰ আছে, যাক ৰায়্যান বুলি কোৱা হয়। কিয়ামতৰ দিনা সেই দুৱাৰেৰে ৰোজাদাৰসকলে প্ৰৱেশ কৰিব। তেওঁলোকৰ বাহিৰে আন কোনেও সেই দুৱাৰেৰে প্ৰৱেশ কৰিব নোৱাৰিব। কোৱা হ'বঃ ৰোজাদাৰসকল ক'ত? তেতিয়া তেওঁলোকে প্ৰৱেশ কৰাৰ বাবে সাজু হ'ব, তেওঁলোকৰ বাহিৰে কোনেও প্ৰৱেশ কৰিব নোৱাৰিব। তেওঁলোকে যেতিয়া প্ৰৱেশ কৰিব, তেতিয়া দুৱাৰ বন্ধ কৰি দিয়া হ'ব। ইয়াৰ পিছত কোনেও প্ৰৱেশ কৰিব নোৱাৰিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মহান আল্লাহে কৈছেঃ আদম সন্তানৰ প্ৰতিটো আমল হৈছে তাৰ নিজৰ বাবে, কিন্তু ৰোজাৰ বাহিৰে। কাৰণ ৰোজা হৈছে মোৰ বাবে, ইয়াৰ প্ৰতিদান মই নিজে প্ৰদান কৰিম। ৰোজা হৈছে ঢালস্বৰূপ। এতেকে তোমালোকৰ মাজৰ কোনোবাই ৰোজা ৰাখিলে, সি যেন বেয়া ভাষা নকয় আৰু হৈ-হাল্লা নকৰে। কোনোবাই যদি তাক গালি পাৰে অথবা তাৰ লগত কাজিয়া কৰে তেন্তে সি যেন কয়, মই ৰোজা ৰাখিছোঁ। শপত সেই মহান সত্তাৰ, যাৰ হাতত মুহাম্মদৰ প্ৰাণ আছে! ৰোজাদাৰ ব্যক্তিৰ মুখৰ গোন্ধ আল্লাহৰ ওচৰত মৃগনাভিৰ সুগন্ধিতকৈও উৎকৃষ্ট। ৰোজাদাৰ ব্যক্তিৰ বাবে আছে দুটা আনন্দৰ সময়, যেতিয়া তেওঁ আনন্দিত হয়। ১- যেতিয়া ইফতাৰ কৰে তেতিয়া আনন্দিত হয়। ২- আৰু যেতিয়া নিজ প্ৰতিপালকৰ সৈতে সাক্ষাৎ কৰিব, তেতিয়া তেওঁ নিজৰ ৰোজাকলৈ আনন্দিত হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
বিবাহ কৰিবলৈ যাৰ সামৰ্থ আছে, তেওঁ বিবাহ কৰি লোৱা উচিত। কাৰণ বিবাহে দৃষ্টি সংযত ৰাখে আৰু লজ্জাস্থান সুৰক্ষিত ৰাখে। আনহাতে যাৰ সামৰ্থ নাই তেওঁ ৰোজা পালন কৰা উচিত। কাৰণ ৰোজাই প্ৰবৃত্তিৰ কামনা-বাসনাক প্ৰতিৰোধ কৰে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"ৰমাজান অহাৰ লগে লগে জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হয়, আৰু জাহান্নামৰ দুৱাৰসমূহ বন্ধ কৰি দিয়া হয়, আৰু চয়তানবোৰক শিকলিবদ্ধ কৰা হয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})