أسماء بنت عميس الخثعمية
الإسم
আছমা বিন্তে উমাইছ ৰাদ্বিয়াল্লাহু আনহা
اسم الشهرة
আছমা বিন্তে উমাইছ -ৰাদ্বিয়াল্লাহু আনহা-
نبذة مختصرة
আছমা বিন্তে উমাইছ ইবনে মাআদ - বা মা'বাদ - ইবনিল হাৰিছ আল-খাছআমিয়্যাহ। তেওঁৰ কুন্নিয়্যাত আছিল উম্মু আব্দুল্লাহ। তেওঁ এগৰাকী সন্মানীয়া নাৰী চাহাবীয়্যা আছিল। মাইমুনা বিন্তে হাৰিছৰ বৈপিত্ৰয় ভগ্নী আছিল। তেওঁ জাফৰ ইবনে আবি তালিবৰ পত্নী আছিল। জাফৰে তেওঁক এৰি মৃত্যুবৰণ কৰিছিল। তাৰ পিছত আবু বকৰ ছিদ্দিক ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেখেতও তেওঁক এৰি থৈ মৃত্যুবৰণ কৰিছিল। তাৰ পিছত আলী ইবনে আবি তালেবৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোক সকলোৰে পৰা তেওঁৰ সন্তান আছিল। তেওঁ প্ৰথমে আবিচিনিয়ালৈ হিজৰত কৰিছিল আৰু তাৰ পিছত মদীনালৈ। সেইকাৰণেই তেওঁক দুই হিজৰতৰ অধিকাৰী বুলি কোৱা হয়। আলী ৰাদ্বিয়াল্লাহু আনহুৰ পিছত তেওঁৰ মৃত্যু হৈছিল।