حاطب بن أبي بلتعة اللخمي
الإسم
হাতিব ইবনে আবী বালতা‘আহ আল-লাখমী
اسم الشهرة
হাতিব ইবনে আবী বালতা‘আহ
نبذة مختصرة
হাতিব ইবনে আবী বালতা‘আহ ইবনে আমৰ ইবনে উমাইৰ ইবনে ছালামাহ আল-লাখমী, তেওঁ বনু আছাদ ইবনে আব্দিল উজ্জাৰ মিত্ৰ আছিল। মুহাদ্দিছসকল এই কথাত একমত পোষণ কৰিছে যে, তেওঁ বদৰৰ যুদ্ধত উপস্থিত আছিল। হাদীছত আহিছে, হাতিব ইবনু আবী বালতা‘আহৰ এজন দাস আহি অভিযোগ কৰি ক’লে যে, হে আল্লাহৰ ৰাছুল! হাতিব নিশ্চয় জাহান্নামৰ জুইত প্ৰৱেশ কৰিব। তেখেতে ক’লে: “কেতিয়াও হ’ব নোৱাৰে; কাৰণ তেওঁ বদৰ আৰু হুদাইবিয়্যাত অংশগ্ৰহণ কৰিছিল।” হাতিব ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে: আল্লাহৰ শপত! মই ইছলাম গ্ৰহণ কৰাৰ পিছৰ পৰা আজিলৈকে আল্লাহৰ বিষয়ে কোনো ধৰণৰ সন্দেহ পোষণ কৰা নাই, কিন্তু মই এজন অপৰিচিত মানুহ। মক্কাত মোৰ সন্তান আৰু ভাতৃসকল আছে। এই কথা তেওঁ সেই পত্ৰ প্ৰেৰণ প্ৰসংগত ওজৰ পেচ কৰি কৈছিল, যিটো পত্ৰত তেওঁ মক্কাবাসীক আগতীয়াকৈ খবৰ দিছিল যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম সিহঁতৰ সৈতে যুদ্ধ কৰিবলৈ গৈ আছে। এই বিষয়েই আল্লাহে পৱিত্ৰ কোৰআনত এই আয়াত অৱতীৰ্ণ কৰিছে: অৰ্থ- “হে ঈমানদাৰসকল! তোমালোকে মোৰ আৰু তোমালোকৰ শত্ৰুক বন্ধুৰূপে গ্ৰহণ নকৰিবা।” তেওঁ ৩০ হিজৰীত মৃত্যুবৰণ কৰিছে।