جندب بن جنادة بن سفيان بن عبيد الغفاري
الإسم
জুন্দুব ইবনু জুনাদাহ ইবনে ছুফিয়ান ইবনে উবাইদ আল-গিফাৰী
اسم الشهرة
আবু জৰ আল-গিফাৰী -ৰাদ্বিয়াল্লাহু আনহু-
نبذة مختصرة
জুন্দুব ইবনু জুনাদাহ, আবু জৰ আল-গিফাৰী নামেৰে অধিক প্ৰসিদ্ধ। তেওঁ এজন সন্মানীয় চাহাবী আছিল। তেওঁ প্রাথমিক যুগতেই ইছলাম গ্ৰহণ কৰিছিল। কোৱা হয় যে, ইছলাম গ্ৰহণত তেওঁ হৈছে চতুৰ্থ ব্যক্তি। কিছুমানে কৈছে: পঞ্চম ব্যক্তি। তেৱেঁই প্ৰথম ব্যক্তি যিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ইছলামৰ অভিবাদনেৰে অভিবাদন জনাইছিল। তেওঁ মক্কাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি তেখেতৰ কথা শুনি তাতেই তেওঁ ইছলাম গ্ৰহণ কৰিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক কৈছিল: “তুমি তোমাৰ গোত্ৰৰ ওচৰলৈ উভতি গৈ তেওঁলোকক ইছলামৰ সংবাদ দিয়াগৈ, যেতিয়ালৈকে তোমাৰ ওচৰলৈ মোৰ পৰৱৰ্তী নিৰ্দেশ নাহিব।” এই কথা শুনি তেওঁ ক’লে: সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে, মই সিহঁতৰ মাজত উপস্থিত হৈ চিঞৰি চিঞৰি এই সংবাদ জনাই দিম। তাৰ পিছত তেওঁ (নিজৰ বাস ভূমিত উপস্থিত হৈ) উপাসনালয়লৈ গ’ল আৰু উচ্চ স্বৰে ঘোষণা কৰি ক’লে: أشهد أن لا إله إلا اللَّه وأن محمدًا عبده ورسوله (মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, আৰু মুহাম্মাদ হৈছে তেওঁৰ বান্দা আৰু ৰাছুল)। এই শুনি তেওঁৰ গাওঁৰ লোকসকলে দৌৰি আহি তেওঁক প্রহাৰ কৰা আৰম্ভ কৰিলে, আনকি তেওঁক গতিয়াই গুৰিয়াই মাটিত বগৰাই দিলে। আবু জৰ এনেকুৱা ব্যক্তি আছিল যে, তেওঁ উপস্থিত থাকিলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ হতোৱাই কামৰ আৰম্ভণি কৰোৱাইছিল, আৰু তেওঁ অনুপস্থিত থাকিলে তেওঁক বিচাৰিছিল। তেওঁ ৩২ হিজৰীত মৃত্যুবৰণ কৰিছে।