تميم بن أوس بن خارجة الداري
الإسم
তামীম ইবনে আউছ ইবনে খাৰিজাহ আদ-দাৰী
اسم الشهرة
আবু ৰুকাইয়্য়াহ তামীম বিন আউছ আদ-দাৰী -ৰাদ্বিয়াল্লাহু আনহু-
نبذة مختصرة
তামিম ইবনে আউছ ইবনে হাৰিছা, আৰু কোৱা হৈছে: খাৰিজাহ ইবনে ছুদ, আৰু কোৱা হৈছে: ছাৱাদ ইবনে জুযাইমা ইবনে জিৰা‘ ইবনে আদী ইবনে আদ-দাৰ, আবু ৰুকায়্যাহ আদ-দাৰী। তেওঁ হৈছে এজন সন্মানীয় চাহাবী, প্ৰথম যুগত তেওঁ খ্ৰীষ্টান আছিল। তেওঁ মদিনাত আহি ইছলাম গ্ৰহণ কৰিছিল। তেৱেঁই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক দাজ্জাল আৰু জাচ্ছাছা জন্তুৰ ঘটনা বৰ্ণনা কৰিছিল, আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ সূত্ৰত উক্ত ঘটনা মিম্বাৰৰ ওপৰত আলোচনা কৰিছিল। এইটো তেওঁৰ মানাকিব (মৰ্যাদা) হিচাপে ধৰা হয়। তেওঁ অধিক তাহাজ্জুদ গুজাৰী ব্যক্তি আছিল। আনকি তেওঁ এটা আয়াত পঢ়ি পঢ়ি গোটেই ৰাতি অতিবাহিত কৰিছে, সেই আয়াতটো হৈছে: أَمْ حَسِبَ الَّذِينَ اجْتَرَحُوا السَّيِّئَاتِ أَنْ نَجْعَلَهُمْ كَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ سَوَاءً مَحْيَاهُمْ وَمَمَاتُهُمْ سَاءَ مَا يَحْكُمُونَ “যিসকলে দুষ্কৰ্ম কৰিছে সিহঁতে ভাবিছে নেকি যে, জীৱন আৰু মৃত্যুৰ ক্ষেত্ৰত আমি সিহঁতক তেওঁলোকৰ দৰে গণ্য কৰিম, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে? সিহঁতৰ বিচাৰ-সিদ্ধান্ত কিমান যে নিকৃষ্ট! [ছুৰা আল-জাছিয়াহ: ২১]। তেওঁ ৪০ হিজৰীত মৃত্যুবৰণ কৰিছে।