Skip to content

تماضر بنت عمرو بن الحارث بن الشريد

الإسم

তুমাধিৰ বিন্তে আমৰ ইবনুল হাৰিছ ইবনুশ্ব শ্বাৰীদ

اسم الشهرة

আল-খানছা

نبذة مختصرة

তুমাধিৰ বিন্তে আমৰ ইবনুল হাৰিছ ইবনুশ্ব শ্বাৰীদ আৰ-ৰিয়াহিয়্যাহ আচ-ছুলামিয়্যাহ। তেওঁৰ উপনাম আছিল খানছা। তেওঁ নিজৰ উপনামেৰেই প্রসিদ্ধি লাভ কৰিছিল। (এই মহিলা চাহাবিয়্যাজনীয়ে) নজদৰ অধিবাসীসকলৰ মাজত প্রসিদ্ধ আৰব কবিসকলৰ অন্যতম আছিল। তেওঁ নিজৰ জীৱনৰ অধিকাংশ সময় জাহেলী (অজ্ঞতা) যুগতেই পাৰ কৰিছিল। দৰাচলতে তেওঁৰ দুজন ভাই চখৰ আৰু মু‘আবিয়াৰ শোকগাঁথাৰ কাৰণে তেওঁ প্ৰসিদ্ধি লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ ইছলাম পাই ইছলাম গ্ৰহণ কৰিছিল। ইয়াৰ পিছত তেওঁ নিজৰ গোত্ৰ বনু ছুলাইমকলৈ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি উপস্থিত হয়। তেওঁৰ চাৰিজন পুত্ৰ সন্তান আছিল, তেওঁলোক হিজৰী ১৬ চনত কাদিছিয়্যাৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল। তেওঁ নিজৰ পুত্ৰসকলক যুদ্ধৰ ময়দানত দৃঢ় থাকিবলৈ উদ্বুদ্ধ কৰিছিল। অৱশেষত তেওঁলোক আটায়ে সেই যুদ্ধত শ্বাহাদত বৰণ কৰিছিল। তেতিয়া তেওঁ কৈছিল: “সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে, যিজনে তেওঁলোকৰ নিহত হোৱাৰ মাধ্যমত মোক সন্মানীয় কৰিছে।” অৱশেষত এই মহান চাহাবিয়্যাজনী হিজৰী ২৪ চনত মৃত্যুবৰণ কৰিছে।

المراجع

অধিক (1)
الاستيعاب (4/1827) وفيات الأعيان (6/34) الوافي بالوفيات (10/240) الإصابة في تمييز الصحابة (8/109) الأعلام للزركلي (2/ 86).