Skip to content

جابر بن عبد الله بن عمرو بن حرام

الإسم

জাবিৰ ইবনু আব্দিল্লাহ ইবনে আমৰ ইবনে হাৰাম

اسم الشهرة

জাবিৰ বিন আব্দুল্লাহ -ৰাদ্বিয়াল্লাহু আনহুমা-

نبذة مختصرة

জাবিৰ ইবনে আব্দিল্লাহ ইবনে আমৰ ইবনে হাৰাম আল-আনচাৰী আছ-ছুলামী। তেওঁ এজন মহান চাহাবী আছিল, লগতে তেওঁ হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা অধিক হাদীছ বৰ্ণনাকাৰীসকলৰ অন্যতম। চাহাবীসকলৰ মাজৰ পৰাও বহুতে তেওঁৰ পৰা হাদীছ বৰ্ণনা কৰিছে। তেওঁ আৰু তেওঁৰ পিতা উভয়েই চাহাবী আছিল। বুখাৰীৰ ‘ছহীহ’ গ্রন্থত উল্লেখ আছে যে, আকাবাত যিসকল লোক উপস্থিত হৈছিল, তেওঁলোকৰ মাজত তেৱোঁ আছিল। তেওঁ বৰ্ণনা কৰিছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজে একৈশটা যুদ্ধত অংশ গ্ৰহণ কৰিছিল, আৰু তাৰ মাজৰ ঊনৈশটাতেই মই তেখেতৰ সৈতে আছিলোঁ। জাবিৰ ৰাদ্বিয়াল্লাহু আনহু সত্তৰ হিজৰীৰ পিছত মৃত্যুবৰণ কৰিছে, তেওঁক দীর্ঘজীৱী কৰা হৈছিল। তেওঁ অছিয়ত কৰি গৈছিল যে, হাজ্জাজ বিন ইউছুফে যেন তেওঁৰ জানাযা নপঢ়ায়।

المراجع

অধিক (1)
الطبقات لخليفة بن الخياط (ص: 172) التاريخ الكبير للبخاري (2/ 207) الكنى والأسماء للإمام مسلم (1/ 466) معجم الصحابة لابن قانع (1/ 136) الأعلام للزركلي (2/104)