Skip to content

ঋতুৱতী মহিলাই ইহ্‌ৰামৰ দুই ৰাকআত নামাজ কিদৰে আদায় কৰিব? আৰু ঋতুৱতী নাৰীয়ে কোৰআনৰ আয়াতসমূহ মনে মনে পাঠ কৰিব পাৰিবনে?

السؤال

প্ৰশ্ন নং ১-

ঋতুৱতী মহিলাই ইহ্‌ৰামৰ দুই ৰাকআত নামাজ কিদৰে আদায় কৰিব? আৰু ঋতুৱতী নাৰীয়ে কোৰআনৰ আয়াতসমূহ মনে মনে পাঠ কৰিব পাৰিবনে?

س47: كيف تصلّي الحائض ركعتي الإحرام؟ وهل يجوز للمرأة الحائض ترديد آي الذّكر الحكيم في سرّها، أو لا؟

الجواب

উত্তৰঃ

প্রথমতে আমি জানি থোৱা উচিত যে, ইহ্‌ৰামৰ বাবে কোনো নামাজ নাই। কিয়নো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ইহ্‌ৰামৰ উদ্দেশ্যে তেওঁৰ উম্মতৰ বাবে কোনো নামাজ নিৰ্ধাৰণ কৰা বুলি প্ৰমাণিত নাই, আদেশৰ মাধ্যমতে হওক বা কৰ্মৰ মাধ্যমতে হওক, আনকি মৌন সন্মতিৰ মাধ্যমতো কোনো প্ৰমাণ পোৱা নাযায়।

দ্বিতীয়তে ইহৰামৰ আগত হায়েজ আক্ৰান্ত মহিলাই হায়েজ অৱস্থাতেই ইহৰামৰ নিয়ত কৰিব পাৰিব।

কিয়নো নবী (চাল্লাল্লাহু আলাইহি অছাল্লামে) আবু বকৰ (ৰাদ্বিয়াল্লাহু আনহু)ৰ স্ত্রী আছমা বিন্তে উমাইছ (ৰাদ্বিয়াল্লাহু আনহা)ক জুল হুলাইফাত [এইটো মদীনাবাসীসকলৰ মীক্বাত] যেতিয়া তেওঁ সন্তান জন্ম দিয়াৰ ফলত নিফাছগ্ৰস্ত হৈছিল, তেতিয়া তেওঁক ভালকৈ গা ধুবলৈ কৈছিল আৰু কাপোৰ পৰিধান কৰি ইহৰামৰ নিয়ত কৰাৰ আদেশ দিছিল। ঋতুৱতীও এনেকুৱাই কৰিব আৰু পৱিত্ৰ নোহোৱালৈকে ইহৰাম অৱস্থাতেই থাকিব। ইয়াৰ পিছত [অৰ্থাৎ পৱিত্ৰ হোৱাৰ পিছত] কা’বা ঘৰ তাৱাফ কৰিব আৰু ছাফা-মাৰৱাত ছাঈ কৰিব।

প্রশ্নত আৰু এটা কথা উল্লেখ কৰা হৈছে যে, হায়েজ অৱস্থাত থকা নাৰীয়ে কোৰআন তিলাৱত কৰিব পাৰিবনে নাই? হয়, বিশেষ প্রয়োজন হ’লে কৰিব পাৰিব, [যেনে ক্লাছত শিকাবলগীয়া হ’লে অথবা পৰীক্ষা দিয়াৰ বাবে ইত্যাদি কাৰণত পঢ়িব পাৰিব]। কিন্তু বিনা প্রয়োজনত কেৱলমাত্র আল্লাহৰ ইবাদত আৰু সন্তুষ্টিৰ উদ্দেশ্যে এই অৱস্থাত তিলাৱত নকৰাই উত্তম।

ﺟ47: أولًا: ينبغي أن نعلم أن الإحرام ليس له صلاةٌ؛ فإنه لم يرد عن النبيّ ﷺ أنه شرع لأمته صلاةً للإحرام لا بقوله، ولا بفعله، ولا بإقراره.

ثانيًا: إن هذه المرأة الحائض الّتي حاضت قبل أن تحرم يمكنها أن تحرم وهي حائضٌ؛ لأن النبي ﷺ أمر أسماء بنت عميسٍ امرأة أبي بكرٍ رضي الله عنهما حين نفست في ذي الحليفة، أمرها أن تغتسل وتستثفر بثوبٍ، وتحرم [1]، وهكذا الحائض أيضًا، وتبقى على إحرامها حتى تطهر، ثمّ تطوف بالبيت، وتسعى.

[18] رواه مسلم، كتاب الحج، باب حج النبي ﷺ (2137).

وأما قوله في السّؤال: هل لها أن تقرأ القرآن؟ فنعم، الحائض لها الحقّ أن تقرأ القرآن عند الحاجة أو المصلحة، أمّا بدون حاجةٍ ولا مصلحةٍ، إنما تريد أن تقرأه تعبّدًا وتقرّبًا إلى الله، فالأحسن ألا تقرأه.