Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 6 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"যেতিয়া তোমালোকে প্ৰস্ৰাৱ-পায়খানা কৰিবা, তেতিয়া তোমালোকে কিবলামুখী নহ'বা আৰু কিবলাৰ ফালে পিঠিও নিদিবা। বৰং তোমালোকে পূৱ বা পশ্চিমফালে মুখ কৰি প্ৰস্ৰাৱ-পায়খানা কৰিবা।" আবু আইয়্যুব ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ আমি ছিৰিয়ালৈ আহি দেখিলোঁ, ইয়াৰ শৌচালয়সমূহ কিবলাৰ ফালে মুখ কৰি বনোৱা হৈছে। তেতিয়া আমি বেলেগ ফালে মুখ কৰি বহিছিলোঁ আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছিলোঁ।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
তেওঁ নিজৰ এনেকুৱা এজন শিশুকলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, যিজন এতিয়াও খোৱা-বোৱা কৰিব পৰা বয়সত উপনীত হোৱা নাছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে শিশুটোক নিজৰ কোলাত ল'লে। কিছু সময়ৰ ভিতৰতে শিশুটোৱে তেখেতৰ কাপোৰত প্ৰস্ৰাৱ কৰি দিলে। ইয়াৰ পিছত তেখেতে পানী আনিবলৈ দিলে আৰু সেই পানী তেখেতে কাপোৰত ছটিয়াই দিলে। তেখেতে সেই স্থানটো ধোৱা নাছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
প্ৰাক-বীৰ্যপাত তৰল পদাৰ্থ সঘনাই নিৰ্গত হোৱা বেমাৰত মই আক্ৰান্ত আছিলোঁ। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জোঁৱাই হোৱাৰ কাৰণে বিষয়টো সম্পৰ্কে তেখেতক সুধিবলৈ লাজ কৰিছিলোঁ। সেয়ে মই মিক্বদাদ ইবনুল আছৱাদক এই বিষয়ে সুধিবলৈ ক'লোঁ, তেওঁ সোধাত তেখেতে ক'লেঃ "এনেকুৱা ব্যক্তিয়ে নিজৰ লজ্জাস্থান ধুই লব আৰু অজু কৰিব লাগিব।" বুখাৰীত এনেকৈ আছে যে, "অজু কৰা আৰু লজ্জাস্থান ধুই লবা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকৰ পাত্ৰৰ পৰা যদি কুকুৰে সেৱন কৰে তেন্তে সেই পাত্ৰটো সাতবাৰ ধুই ল'বা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
তেওঁ এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মদীনাৰ এটা উপপথত সাক্ষাৎ কৰিলে, সেই সময়ত তেওঁ (আবু হুৰাইৰাহ) জুনুবী (গোছল ফৰজ হোৱা) অৱস্থাত আছিল। সেয়ে তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক নজনাকৈয়ে গোপনে গুচি গৈ গোছল কৰিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ বিষয়ে সোধাত তেওঁ যেতিয়া আহিল, তেতিয়া তেখেতে ক'লেঃ "হে আবু হুৰাইৰাহ তুমি ক'ত আছিলা?" তেতিয়া তেওঁ ক'লেঃ হে আল্লাহৰ ৰাছুল! আপোনাৰ সৈতে মই যেতিয়া সাক্ষাৎ কৰিছিলোঁ, তেতিয়া মই জুনুবী অৱস্থাত আছিলোঁ, সেয়ে মই গোছল নকৰাকৈ আপোনাৰ বৈঠকত উপস্থিত হ'বলৈ অপছন্দ কৰিলোঁ। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "ছুবহানাল্লাহ! মুমিন কেতিয়াও অপৱিত্ৰ নহয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া শৌচালয়ত প্ৰৱেশ কৰিছিল, তেতিয়া মই আৰু মোৰ দৰে এজন ল'ৰাই পানীৰ পাত্ৰ এটা দাঙি লৈ গৈছিলোঁ আৰু এটা আনাঝাহ লৈ গৈছিলোঁ, (এনেকুৱা লাঠি যিটোৰ মূৰত লোহা লগোৱা থাকে)। তেখেতে সেই পানীৰে ইস্তিঞ্জা কৰিছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})