Skip to content

যেতিয়া তোমালোকে প্ৰস্ৰাৱ-পায়খানা কৰিবা, তেতিয়া তোমালোকে কিবলামুখী নহ'বা আৰু কিবলাৰ ফালে পিঠিও নিদিবা। বৰং তোমালোকে পূৱ বা পশ্চিমফালে মুখ কৰি প্ৰস্ৰাৱ-পায়খানা কৰিবা।

আবু আইয়্যুব আল-আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"যেতিয়া তোমালোকে প্ৰস্ৰাৱ-পায়খানা কৰিবা, তেতিয়া তোমালোকে কিবলামুখী নহ'বা আৰু কিবলাৰ ফালে পিঠিও নিদিবা। বৰং তোমালোকে পূৱ বা পশ্চিমফালে মুখ কৰি প্ৰস্ৰাৱ-পায়খানা কৰিবা।" আবু আইয়্যুব ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ আমি ছিৰিয়ালৈ আহি দেখিলোঁ, ইয়াৰ শৌচালয়সমূহ কিবলাৰ ফালে মুখ কৰি বনোৱা হৈছে। তেতিয়া আমি বেলেগ ফালে মুখ কৰি বহিছিলোঁ আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছিলোঁ।

«إِذَا أَتَيْتُمُ الغَائِطَ فَلاَ تَسْتَقْبِلُوا القِبْلَةَ، وَلاَ تَسْتَدْبِرُوهَا وَلَكِنْ شَرِّقُوا أَوْ غَرِّبُوا» قَالَ أَبُو أَيُّوبَ: فَقَدِمْنَا الشَّأْمَ فَوَجَدْنَا مَرَاحِيضَ بُنِيَتْ قِبَلَ القِبْلَةِ فَنَنْحَرِفُ، وَنَسْتَغْفِرُ اللَّهَ تَعَالَى.

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

প্ৰস্ৰাৱ-পায়খানা কৰাৰ সময়ত কিবলামুখী হৈ অৰ্থাৎ কা'বাৰ ফালে মুখ কৰি বহিবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে, এইদৰে কিবলাৰ ফালে পিঠি দি বহিবলৈও নিষেধ কৰিছে। বৰং বেলেগ ফালে মুখ কৰি বহা উচিত। আনহাতে মদীনাবাসীৰ দৰে কিবলা যদি দক্ষিণফালে হয় তেন্তে পূৱ বা পশ্চিমফালে মুখ কৰি বহা উচিত। ইয়াৰ পিছত আবু আইয়্যুব ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, তেওঁলোক যেতিয়া ছিৰিয়ালৈ গৈছিল, তেতিয়া তেওঁলোকে তাত দেখা পাইছিল যে, তাত থকা শৌচালয়সমূহ কিবলামুখীকৈ প্ৰস্তুত কৰা। তেতিয়া তেওঁলোকে তাত বেলেগফালে মুখ কৰি বহিছিল। লগতে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছিল।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ইয়াৰ হিকমত হৈছে কা'বা ঘৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা আৰু ইয়াক মৰ্যাদা দিয়া।

শৌচালয়ৰ পৰা ওলোৱাৰ পিছত ইস্তিগফাৰ কৰা উচিত।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম শিক্ষাদান, কাৰণ তেখেতে নিষিদ্ধ বিষয়টো উল্লেখ কৰাৰ লগতে বৈধ পদ্ধতিও উল্লেখ কৰিছে।

সম্পাদক

ছহীহ বুখাৰী (1/ 88) (394).

ছহীহ মুছলিম (1/ 224) (264).

অধিক (4)

تيسير العلام شرح عمدة الأحكام.

للبسام (ص37).

تنبيه الأفهام شرح عمدة الأحكام.

لابن عثيمين (1/ 39).