Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 8 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

মন্ত্র, তাৱিজ-কবজ, মন্ত্র পঢ়ি গাঁঠি লগোৱা সূতা আদি সকলো হৈছে শ্বিৰ্কৰ অন্তর্ভুক্ত।
ছহীহ (আবু দাঊদ,ইবনে মাজাহ, আহমদ)
তেওঁ আতা ইবনু ৰাবাহক কৈছিল যে, মই তোমাক এজন জান্নাতী নাৰী দেখুৱামনে? মই ক'লোঁ, হয়, নিশ্চয় দেখুৱাওক। তেওঁ ক'লেঃ দেখাত কুৎসিত এই মহিলাজনী নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি কৈছিল যে, মই মৃগী ৰোগত আক্ৰান্ত হোৱাৰ ফলত কেতিয়াবা অচেতন হৈ পৰোঁ, সেই সময়ত মোৰ পৰ্দা ব্যাহত হয়। গতিকে আপুনি মোৰ বাবে আল্লাহৰ ওচৰত দুআ কৰি দিয়ক। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তুমি ইচ্ছা কৰিলে ধৈৰ্য ধাৰণ কৰিব পাৰা, ইয়াৰ ফলত তুমি জান্নাত লাভ কৰিবা। আনহাতে যদি তুমি বিচৰা তেন্তে মই আল্লাহৰ ওচৰত দুআ কৰি দিওঁ, যাতে তেওঁ তোমাক আৰোগ্য কৰি দিয়ে।" তেতিয়া মহিলাজনীয়ে ক'লেঃ মই ধৈৰ্য্য ধাৰণ কৰিম। লগতে মহিলাজনীয়ে ক'লেঃ যিহেতু সেই অৱস্থাত মোৰ পৰ্দা ব্যাহত হয়, গতিকে আপুনি আল্লাহৰ ওচৰত দুআ কৰি দিয়ক, যাতে এইটো নহয়। তেতিয়া তেখেতে দুআ কৰি দিলে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
উকল বা উৰাইনাহ গোত্রৰ কিছু সংখ্যক লোকে (ইছলাম গ্রহণ কৰাৰ কাৰণে) মদিনালৈ অহাত সিহঁত অসুস্থ হৈ পৰিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতক (চাদাকাৰ) উটৰ ওচৰত যাবলৈ আৰু তাৰ প্ৰস্ৰাব আৰু গাখীৰ পান কৰিবলৈ নির্দেশ দিলে। সিহঁতে তালৈ গুচি গ’ল। তাৰ পিছত সিহঁত সুস্থ হৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰাখোৱালক হত্যা কৰিলে আৰু উটবোৰক খেদি লৈ গ’ল। এই খবৰ (তেখেতৰ ওচৰলৈ) দিনৰ প্রথম ভাগতেই আহি পালে। তেখেতে সিহঁতৰ পিছে পিছে মানুহ পঠালে। দুপৰীয়াৰ আগতে সিহঁতক (বন্দী কৰি) অনা হ’ল। তাৰ পিছত তেখেতৰ আদেশত সিহঁতৰ হাত-ভৰি কাটি দিয়া হ’ল। উত্তপ্ত শলাৰ দ্বাৰা সিহঁতৰ চকু পুৰি দিয়া হ’ল আৰু গৰম পাথৰৰ ভূমিত সিহঁতক নিক্ষেপ কৰা হ’ল। সিহঁতে পানী বিচাৰিছিল, কিন্তু দিয়া নহ’ল। আবু কিলাবা (ৰাহিমাহুল্লাহ)-এ কৈছে, ইহঁতে চুৰি কৰিছিল, হত্যা কৰিছিল, ঈমান অনাৰ পিছত কুফৰী কৰিছিল আৰু আল্লাহ্ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ জিব্ৰীল আলাইহিচ্ছাল্লামে আহি ক'লেঃ হে মুহাম্মদ! আপুনি অসুস্থতা বোধ কৰি আছে নেকি? তেখেতে ক'লেঃ হয়। তেতিয়া তেওঁ এই বুলি জৰা ফুঁকা কৰিলেঃ "বিছমিল্লাহি আৰকীক, মিন কুল্লি শ্বাইয়িন ইউজীক, অমিন শ্বাৰ্ৰি কুল্লি নাফছিন আও আইনিন হা-ছিদিন, আল্লাহু য়াশ্বফীক, বিছমিল্লাহি আৰকীক।"
ছহীহ (মুছলিম)
"তোমাৰ শৰীৰৰ যি ঠাইত বিষ অনুভৱ কৰা, সেই ঠাইত তোমাৰ হাত ৰখা আৰু তিনিবাৰ বিছমিল্লাহ কোৱা, আৰু সাতবাৰ এই দুআ পঢ়া, আউজু বিল্লাহি অক্বুদৰাতিহি মিন শ্বাৰ্ৰি মা আজিদু ওৱা উহাজিৰ।"
ছহীহ (মুছলিম)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া কোনো বেমাৰী ব্যক্তিৰ ওচৰলৈ আহিছিল, তেতিয়া তেখেতে তাৰ বাবে এই দুআ কৰিছিলঃ "আজহাবিল বা'ছ, ৰাব্বান্না-ছ, অশ্বফি আনতাশ্ব শ্বা-ফী, লা শ্বিফা-আ ইল্লা শ্বিফা-উক, শ্বিফা-আন লা ইগাদিৰু ছাক্বামা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যিয়ে কোনো এনেকুৱা বেমাৰী ব্যক্তিক সাক্ষাৎ কৰিবলৈ যায়, যাৰ মৃত্যুৰ সময় উপস্থিত হোৱা নাই, তেনেকুৱা বেমাৰীৰ ওচৰত এই দুআটো সাতবাৰ পাঠ কৰিব লাগেঃ আছআলুল্লাহাল আজীম, ৰাব্বাল আৰশ্বিল আজীম, আঁইয়্যাশ্বফীক। ফলত আল্লাহে তাক সেই বেমাৰৰ পৰা শ্বিফা দান কৰিব।"
ছহীহ (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
"কাইলৈ ​​মই এই পতাকাখন এনে এজন ব্যক্তিৰ হাতত তুলি দিম, যাৰ যোগেদি আল্লাহে (খয়বৰৰ দুৰ্গ) জয় কৰিব। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক ভালপায়, আনহাতে আল্লাহ আৰু তেওঁৰ ৰাছুলেও তেওঁক ভালপায়।" বৰ্ণনাকাৰীয়ে কৈছেঃ সেই ৰাতি লোকসকলে এই চিন্তাত ৰাতি অতিবাহিত কৰিছিল যে, কাক দিয়া হ'ব পতাকাখন। ৰাতিপুৱা হোৱাৰ লগে লগে চাহাবাসকলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি উপস্থিত হ'ল, প্ৰত্যেকেই কামনা কৰি আছিল যে, পতাকাখন তাকেই দিয়া হ'ব। এই অৱস্থাত তেখেতে ক'লেঃ "আলী ইবনু আবি তালিব ক'ত?" কোৱা হ'ল যে, হে আল্লাহৰ ৰাছুল! তেওঁৰ চকুৰ বেমাৰ হৈছে। তেখেতে ক'লেঃ "তেওঁক মাতি আনিবলৈ কাৰোবাক প্ৰেৰণ কৰা।" তেওঁক লৈ অনা হ'ল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ দুয়ো চকুত তেখেতৰ থু লগাই দিলে আৰু দুআ কৰিলে, ফলত তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিল, এনেকুৱা আৰোগ্য লাভ কৰিলে যে, চকুত যেনিবা কোনো বিষেই নাছিল। ইয়াৰ পিছত তেখেতে তেওঁক পতাকা অৰ্পন কৰিলে। পতাকা হাতত লৈ তেওঁ ক'লেঃ হে আল্লাহৰ ৰাছুল! মই সিহঁতৰ লগত তেতিয়ালৈকে যুদ্ধ কৰিম যেতিয়ালৈকে সিহঁত আমাৰ দৰে (মুছলিম) হৈ নাযায়। তেতিয়া তেখেতে ক'লেঃ "তুমি লাহে লাহে আগুৱাই যোৱা, যেতিয়া তুমি সিহঁতৰ চোতালতগৈ উপস্থিত হ'বা, তেতিয়া সিহঁতক ইছলামৰ পিনে আহ্বান কৰিবা আৰু সিহঁতৰ ওপৰত আল্লাহৰ যি অধিকাৰ আছে সেই সম্পৰ্কে সিহঁতক অৱগত কৰিবা। আল্লাহৰ শপত! তোমাৰ দ্বাৰা এজন লোকেও যদি ঈমান পোষণ কৰে তেন্তে সেয়া তোমাৰ বাবে ৰঙা উটতকৈও উত্তম।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})