নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেলেগ কোনো নফল চালাতকেই ফজৰৰ দুই ৰাকাত চালাততকৈ অধিক গুৰুত্ব প্ৰদান কৰা নাছিল।
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেলেগ কোনো নফল চালাতকেই ফজৰৰ দুই ৰাকাত চালাততকৈ অধিক গুৰুত্ব প্ৰদান কৰা নাছিল।
لَمْ يَكُنِ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عَلَى شَيْءٍ مِنَ النَّوَافِلِ أَشَدَّ مِنْهُ تَعَاهُدًا عَلَى رَكْعَتَيِ الفَجْرِ.
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই হাদীছটোত জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ চালাতৰ আগত পঢ়িবলগীয়া দুই ৰাকাত চালাতৰ প্ৰতি যিমান আগ্ৰহী আছিল তথা যিমান মনোযোগী আছিল, সিমান গুৰুত্ব তেখেতে বেলেগ কোনো নফল চালাতৰ প্ৰতি দিয়া নাছিল।
ফৰজ নামাজৰ বাহিৰে সকলো নামাজেই হৈছে নফল নামাজ। উক্ত হাদীছটোত নফল বুলি ছুনান ৰাৱাতিবক বুজোৱা হৈছে, যিবোৰ ফৰজ নামাজৰ আগে পিছে পঢ়া হয়।
ছুনান ৰাৱাতিবঃ যেনে- ফজৰৰ আগত দুই ৰাকাত, জোহৰৰ আগত চাৰি ৰাকাত আৰু পিছত দুই ৰাকাত, মাগৰিবৰ পিছত দুই ৰাকাত আৰু ঈশ্বাৰ পিছত দুই ৰাকাত।
ফজৰৰ দুই ৰাকাত ছুন্নত নিজৰ স্থানতে হওক বা ছফৰত উভয় ক্ষেত্ৰতে পঢ়িব লাগে। আনহাতে জোহৰ, মাগৰিব আৰু ঈশ্বাৰ ছুন্নত কেৱল স্ব-স্থানত থকা সময়তহে পঢ়া হয়, ভ্ৰমণত নহয়।
ফজৰৰ দুই ৰাকাত ছুন্নত অত্যন্ত গুৰুত্বপূৰ্ণ মুস্তাহাব আমল। এই ক্ষেত্ৰত অৱহেলা কৰাটো মুঠেও উচিত নহয়।
ছহীহ বুখাৰী (2/ 57) (1169).
ছহীহ মুছলিম (1/ 501) (724).
অধিক (4)
تيسير العلام شرح عمدة الأحكام.
لعبد الله البسام (ص113).
تنبيه الأفهام شرح عمدة الأحكام.
لابن عثيمين (1/ 144).