Skip to content

গোছল ফৰজ হোৱা অৱস্থাৰ বাহিৰে, বেলেগ সৰ্বাৱস্থাতেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক কোৰআন তিলাৱত কৰোৱাইছিল।

আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

গোছল ফৰজ হোৱা অৱস্থাৰ বাহিৰে, বেলেগ সৰ্বাৱস্থাতেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক কোৰআন তিলাৱত কৰোৱাইছিল।

كَانَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ يُقْرِئُنَا القُرْآنَ عَلَى كُلِّ حَالٍ مَا لَمْ يَكُنْ جُنُبًا.

আবু দাঊদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, আৰু আহমদ বৰ্ণনা কৰিছে।
হাছান
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক কোৰআন শিকাইছিল, আৰু তেওঁলোকক সকলো অৱস্থাতে কোৰআন পঢ়াইছিল, কিন্তু জুনুবী (গোছল ফৰজ হোৱা) অৱস্থাত পঢ়োৱা নাছিল।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

গোছল ফৰজ হোৱা ব্যক্তিয়ে গোছল নকৰালৈকে কোৰআন তিলাৱত কৰা উচিত নহয়।

হাতে কামে শিক্ষা প্ৰদান কৰা উচিত।

সম্পাদক

ছুনান তিৰমিজী (1/ 214) (146).

ছুনান আবি দাঊদ (1/ 164) (229).

ছুনান নাছায়ী (1/ 144) (265).

ছুনান ইবনে মাজাহ (1/ 375) (594).

মুছনাদ আহমদ (2/ 61) (627).

অধিক (1)

النهاية في غريب الحديث والأثر (917-167).