Skip to content

প্ৰতিজন মুছলিমৰ ওপৰতে সপ্তাহত নূন্যতম এদিন গোছল কৰা অনিবাৰ্য, সেই গোছলত মূৰ আৰু শৰীৰ ধুই লব লাগিব।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহু চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

প্ৰতিজন মুছলিমৰ ওপৰতে সপ্তাহত নূন্যতম এদিন গোছল কৰা অনিবাৰ্য, সেই গোছলত মূৰ আৰু শৰীৰ ধুই লব লাগিব।

«حَقٌّ عَلَى كُلِّ مُسْلِمٍ أَنْ يَغْتَسِلَ فِي كُلِّ سَبْعَةِ أَيَّامٍ يَوْمًا، يَغْسِلُ فِيهِ رَأْسَهُ وَجَسَدَهُ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, প্ৰতিজন বুদ্ধিমান প্ৰাপ্তবয়স্ক মুছলিমৰ ওপৰতে সপ্তাহত নূন্যতম এদিন হ'লেও গোছল কৰা অনিবাৰ্য, যিদিনা তেওঁ পৱিত্ৰতা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ উদ্দেশ্যে নিজৰ মূৰ আৰু গোটেই শৰীৰ ভালকৈ ধুই লব। এইটো জুমুআৰ দিন হ'লে বেছি উত্তম। অন্যান্য হাদীছৰ দ্বাৰা এইটোৱে বুজা যায়। আনহাতে জুমুআৰ দিনা নামাজৰ আগত গোছল কৰাটো হৈছে গুৰুত্বপূৰ্ণ মুস্তাহাব আমল। আনহাতে যদি কোনোবাই ওৱাজিব দায়িত্ব পালন কৰি বৃহস্পতিবাৰে গোছল কৰি লয়, সেই সন্দৰ্ভত আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা এটা হাদীছ বৰ্ণিত হৈছে, তেওঁ কৈছে যে, "মানুহে নিজৰ কামখিনি নিজেই কৰিছিল, যেতিয়া তেওঁলোকে জুমুআৰ দিনা জুমুআৰ নামাজলৈ গৈছিল তেতিয়া তেওঁলোকে সেই অৱস্থাতে গৈছিল, তেতিয়া তেওঁলোকক কোৱা হৈছিলঃ যদি তোমালোকে গোছল কৰি ল'লাহেঁতেন।" অন্য এটা বৰ্ণনাত আছে যে, "তেওঁলোকৰ শৰীৰৰ পৰা ঘামৰ গোন্ধ ওলাইছিল।" কেৱল ঘামৰ কাৰণে যদি এইটো কোৱা হৈছিল তেন্তে অন্যান্য অৱস্থাৰ কাৰণেতো আৰু অধিক জৰুৰী।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ইছলামে পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু পৱিত্ৰতাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে।

জুমুআৰ দিনা গোছল কৰাটো হৈছে গুৰুত্বপূৰ্ণ মুস্তাহাব আমল।

মূৰ ধোৱাৰ কথা উল্লেখ কৰা হৈছে, যদিও শৰীৰৰ ভিতৰতে এইটোও অন্তৰ্ভুক্ত, সুকীয়াকৈ উল্লেখ কৰাৰ অৰ্থ হৈছে ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া।

যদি শৰীৰৰ পৰা দুৰ্গন্ধ ওলায়, যাৰ দ্বাৰা মানুহে কষ্ট পায় তেন্তে গোছল কৰা অনিবাৰ্য।

জুমুআৰ দিনা গোছল কৰিবলৈ বেছি গুৰুত্ব দিয়া হৈছে। কাৰণ এইটো হৈছে বিশেষ গুৰুত্বপূৰ্ণ দিন।

সম্পাদক

ছহীহ বুখাৰী (2/ 5) (897).

(2/ 7) (903).

ছহীহ মুছলিম (2/ 582) (849).

অধিক (3)

عمدة القاري شرح صحيح البخاري (6/ 193).

إرشاد الساري لشرح صحيح البخاري (2/ 169).

التيسير بشرح الجامع الصغير للمناوي (1/951).