Skip to content

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আবু বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমা সম্পৰ্কে কৈছেঃ এওঁলোক দুজন নবী আৰু ৰাছুলসকলৰ বাহিৰে প্ৰথমৰ পৰা শেষলৈ সকলো জান্নাতী বয়সস্থ লোকসকলৰ চৰ্দাৰ হ'ব।

আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

"ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আবু বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমা সম্পৰ্কে কৈছেঃ এওঁলোক দুজন নবী আৰু ৰাছুলসকলৰ বাহিৰে প্ৰথমৰ পৰা শেষলৈ সকলো জান্নাতী বয়সস্থ লোকসকলৰ চৰ্দাৰ হ'ব।"

قال رسول الله صلى الله عليه وسلم لأبي بكر وعمر: «هذان سَيِّدا كُهُول أهل الجنة من الأوَّلِين والآخِرين إلا النبيِّين والمرسلين».

(তিৰমিজী)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইটো জনাইছে যে, আবু বকৰ চিদ্দীক আৰু ওমৰ আল-ফাৰূক ৰাদ্বিয়াল্লাহু আনহুমা হৈছে নবীসকলৰ পিছত আটাইতকৈ উত্তম ব্যক্তি। নবী আৰু ৰাছুলসকলৰ পিছত জান্নাতীসকলৰ মাজতো তেওঁলোক দুজন উত্তম।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

নবী আৰু ৰাছুলসকলৰ পিছত আবু বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমা হৈছে মানুহৰ মাজত সৰ্বোত্তম ব্যক্তি।

জান্নাতত কোনেও বয়সস্থ নহ'ব। বৰং তাত প্ৰৱেশ কৰা প্ৰতিজন ব্যক্তিয়ে ৩৩ বছৰৰ যুৱক হ'ব। ইয়াত হয়তো হাদীছটোৰ দ্বাৰা সেইসকল লোকৰ কথা কোৱা হৈছে, যিসকলে বৃদ্ধ অৱস্থাত মৃত্যুবৰণ কৰিছে। নাইবা এই হাদীছটো যিসময়ত বৰ্ণনা কৰা হৈছে সেই সময়ৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি কোৱা হৈছে।

সম্পাদক

ছুনান তিৰমিজী (6/ 45) (3664).

অধিক (2)

تحفة الأحوذي بشرح جامع الترمذي.

لمحمد المباركفوري (10/ 103).