মই এবাৰ ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে ঈদগাহত উপস্থিত হ'লোঁ, তেতিয়া তেখেতে (লোকসকলক সম্বোধন কৰি) ক'লেঃ এই দুই (ঈদৰ) দিনত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰোজা ৰাখিবলৈ নিষেধ কৰিছে। এটা হৈছে (ৰমাজানৰ) ৰোজাৰ পিছত ঈদুল ফিতৰৰ দিন, আৰু আনটো হৈছে (ঈদুল আজহাৰ দিন) যিদিনা তোমালোকে কুৰবানীৰ মাংস ভক্ষণ কৰা।
ইবনে আঝহাৰৰ আজাদকৃত দাস আবু উবাইদে বৰ্ণনা কৰিছে, তেওঁ কৈছেঃ
মই এবাৰ ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে ঈদগাহত উপস্থিত হ'লোঁ, তেতিয়া তেখেতে (লোকসকলক সম্বোধন কৰি) ক'লেঃ এই দুই (ঈদৰ) দিনত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰোজা ৰাখিবলৈ নিষেধ কৰিছে। এটা হৈছে (ৰমাজানৰ) ৰোজাৰ পিছত ঈদুল ফিতৰৰ দিন, আৰু আনটো হৈছে (ঈদুল আজহাৰ দিন) যিদিনা তোমালোকে কুৰবানীৰ মাংস ভক্ষণ কৰা।
شَهِدْتُ العِيدَ مَعَ عُمَرَ بْنِ الخَطَّابِ رَضِيَ اللَّهُ عَنْهُ، فَقَالَ: هَذَانِ يَوْمَانِ نَهَى رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عَنْ صِيَامِهِمَا: يَوْمُ فِطْرِكُمْ مِنْ صِيَامِكُمْ، وَاليَوْمُ الآخَرُ تَأْكُلُونَ فِيهِ مِنْ نُسُكِكُمْ.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঈদুল ফিতৰ আৰু ঈদুল আজহাৰ দিনা ৰোজা ৰাখিবলৈ নিষেধ কৰিছে। কাৰণ ঈদুল ফিতৰ হৈছে গোটেই ৰমাজান মাহ ৰোজা ৰখাৰ পিছত খোৱা বোৱাৰ দিন। এইদৰে ঈদুল আজহা হৈছে কুৰবানীৰ মাংস খোৱাৰ দিন।
দুই ঈদ অৰ্থাৎ ঈদুল ফিতৰ আৰু ঈদুল আজহা, লগতে আয়্যামে তাশ্বৰীকৰ দিনবোৰত ৰোজা ৰখা হাৰাম। কাৰণ এই দিন কেইটাও ঈদুল আজহাৰ সৈতেই জৰিত। কিন্তু হজ্জৰ সময়ত যিয়ে কুৰবানী দিব পৰা নাই, সেই ব্যক্তিয়ে আয়্যামে তাশ্বৰীকৰ এই দিন কেইটাত ৰোজা ৰাখিব পাৰে।
ইবনে হাজাৰে কৈছেঃ কোৱা হৈছে যে, এই দুটা দিৱসৰ কথা উল্লেখ কৰি ইয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে যে, এই দুটা দিৱসত ৰোজা নৰখাটো ওৱাজিব। যাতে ৰোজাৰ ধাৰাবাহিকতাৰ পৰা পৃথক হ'ব পৰা যায়, এইটো প্ৰকাশ কৰিবলৈ যে, ৰোজা সমাপ্ত হৈছে। এইদৰে দ্বিতীয় দিৱসটো হৈছে কুৰবানীৰ জৰিয়তে আল্লাহৰ নৈকট্য অৱলম্বন কৰাৰ দিন, এতেকে সেইদিনা যাতে সেই মাংস ভক্ষণ কৰা হয়।
খতীবে নিজৰ ভাষণত সাম্প্ৰতিক বিষয় আৰু সেই সময়ৰ সৈতে জৰিত উৎসৱ সম্পৰ্কে উল্লেখ কৰা উচিত।
কুৰবানীৰ মাংস ভক্ষণ কৰাটো চৰীয়ত সন্মত।
ছহীহ বুখাৰী (3/ 42) (1990).
ছহীহ মুছলিম (2/ 799) (1137).
অধিক (8)
تيسير العلام.
لعبد الله البسام (ص344).
تنبيه الأفهام شرح عمدة الإحكام.
لابن عثيمين (3/ 461).
الإفهام في شرح عمدة الأحكام.
لابن باز (ص426).
خلاصة الكلام شرح عمدة الأحكام.
لفيصل آل مبارك (ص161).