Skip to content

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰুকুৰ পৰা উঠি পিঠি চিধা কৰি কৈছিলঃ "ছামি আল্লাহু লিমান হামিদাহ,

ইবনে আবি আওফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰুকুৰ পৰা উঠি পিঠি চিধা কৰি কৈছিলঃ "ছামি আল্লাহু লিমান হামিদাহ, আল্লাহুম্মা ৰাব্বানা লাকাল হাম্দ, মিলআচ ছামাৱাতি, অমিল আল আৰজি অমিলআ মা শ্বি'তা মিন শ্বাইয়িন বা'দ।" (অৰ্থঃ আল্লাহে প্ৰশংসাকাৰীৰ প্ৰশংসা শুনে। হে আল্লাহ আমাৰ প্ৰতিপালক, সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ তোমাৰেই, যাৰ দ্বাৰা আকাশমণ্ডল আৰু পৃথিৱী পৰিপূৰ্ণ। ইয়াৰ বাহিৰেও তুমি যি যি ইচ্ছা কৰা সেইটোও পৰিপূৰ্ণ।)

كَانَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ إِذَا رَفَعَ ظَهْرَهُ مِنَ الرُّكُوعِ قَالَ: «سَمِعَ اللهُ لِمَنْ حَمِدَهُ، اللَّهُمَّ رَبَّنَا لَكَ الْحَمْدُ، مِلْءَ السَّمَاوَاتِ وَمِلْءَ الْأَرْضِ وَمِلْءَ مَا شِئْتَ مِنْ شَيْءٍ بَعْدُ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ৰুকুৰ পৰা উঠাৰ সময়ত কৈছিলঃ ছামি আল্লাহু লিমান হামিদাহ, অৰ্থাৎ যিয়ে আল্লাহৰ প্ৰশংসা কৰে আল্লাহে তাৰ কথাত সঁহাৰি দিয়ে, আৰু তাৰ সেই প্ৰশংসা কবূল কৰে লগতে ছোৱাব প্ৰদান কৰে। ইয়াৰ পিছত তেখেতে আল্লাহৰ প্ৰশংসা কৰি কৈছিলঃ "আল্লাহুম্মা ৰাব্বানা লাকাল হাম্দ, মিলআচ ছামাৱাতি, অমিল আল আৰজি অমিলআ মা শ্বি'তা মিন শ্বাইয়িন বা'দ।" এনেকুৱা প্ৰশংসা যি প্ৰশংসাই আকাশমণ্ডল আৰু পৃথিৱী তথা এই উভয়ৰ মধ্যৱৰ্তী ঠাইক পৰিপূৰ্ণ কৰে, ইয়াৰ বাহিৰেও আল্লাহে যিটোক পৰিপূৰ্ণ কৰিব বিচাৰে সেইটোকো পৰিপূৰ্ণ কৰে।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

মুচল্লীয়ে ৰুকুৰ পৰা উঠি উক্ত দুআটো পাঠ কৰা মুস্তাহাব।

ৰুকুৰ পৰা উঠি পোন হৈ থিয় হ'ব লাগে। কাৰণ এই দুআটো শান্তভাৱে পোন হৈ থিয় নোহোৱাকৈ পঢ়া উচিত নহয়।

ফৰজ হওক বা নফল নামাজ প্ৰত্যেক নামাজতে এই দুআটো পাঠ কৰা উচিত।

সম্পাদক

ছহীহ মুছলিম (1/ 346) (476).

অধিক (1)

البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (11/ 114).