Skip to content

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া হাঁচি কৰিছিল, তেতিয়া তেখেতে মুখত, হাত অথবা কাপোৰ ৰাখিছিল আৰু শব্দ কম কৰাৰ বা লাঘৱ কৰাৰ চেষ্টা কৰিছিল।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া হাঁচি কৰিছিল, তেতিয়া তেখেতে মুখত, হাত অথবা কাপোৰ ৰাখিছিল আৰু শব্দ কম কৰাৰ বা লাঘৱ কৰাৰ চেষ্টা কৰিছিল।

كان رسولُ الله صلى الله عليه وسلم إذا عَطَس وضَعَ يَدَه -أو ثوبَهُ- على فيهِ، وخَفَضَ -أو غضَّ- بها صوتَهُ.

(আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
ছহীহ
ব্যাখ্যা

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া হাঁচি কৰিছিলঃ প্ৰথমঃ হাত অথবা কাপোৰ নিজৰ মুখৰ ওপৰত ৰাখিছিল। যাতে মুখৰ পৰা অথবা নাকৰ পৰা ওলোৱা কোনো বস্তুৱে ওচৰত থকা লোকক কষ্ট নিদিয়ে। দ্বিতীয়ঃ শব্দ লাঘৱ কৰাৰ চেষ্টা কৰিছিল, যাতে উচ্চ নহয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৰা হাঁচিৰ নিয়ম-নীতি বৰ্ণিত হৈছে। গতিকে ইয়াৰ অনুসৰণ কৰা উচিত।

হাঁচি কৰাৰ সময়ত মুখত আৰু নাকত কাপোৰ অথবা ৰুমাল ৰখা মুস্তাহাব। যাতে মুখ বা নাকৰ পৰা ওলোৱা কোনো বস্তুৱে ওচৰৰ লোকক কষ্ট নিদিয়ে।

হাঁচি কৰাৰ সময়ত শব্দ লাঘৱ কৰিব লাগে। এইটো হৈছে পূৰ্ণাংগ আদব তথা উত্তম চৰিত্ৰ।

সম্পাদক

ছুনান আবি দাঊদ (7/ 375) (5029).

ছুনান তিৰমিজী (4/ 461) (2745).

মুছনাদ আহমদ (15/ 412) 9662).

অধিক (9)

شرح رياض الصالحين.

لابن عثيمين (4/ 440).

تطريز رياض الصالحين.

لفيصل آل مبارك (ص528).

بهجة الناظرين.

لسليم الهلالي (2/ 149).

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (1/ 678).

كنوز رياض الصالحين لمجموعة من الباحثين (11/ 432).