Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 7 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"মোক অভিসম্পাতকাৰীৰূপে প্ৰেৰণ কৰা হোৱা নাই, বৰং মোক ৰহমত হিচাপেহে প্ৰেৰণ কৰা হৈছে।"
ছহীহ (মুছলিম)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ সময়ত তেখেতৰ বগা খচ্চৰটো, তেখেতে ব্যৱহাৰ কৰা অস্ত্ৰ, আৰু সেই ভূমি যিটো তেখেতে চাদাক্বাহ কৰিছিল, এইখিনি বস্তুৰ বাহিৰে তেখেতে কোনো স্বৰ্ণ মুদ্ৰা বা ৰৌপ্য মুদ্ৰা, কোনো দাস-দাসী অথবা বেলেগ আন কোনো বস্তু এৰি যোৱা নাই।
ছহীহ (বুখাৰী)
চাহাবাসকলৰ এটা দলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলক তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ গোপন ইবাদত সম্পৰ্কে সুধিলে। (তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ইবাদত সম্পৰ্কে শুনি) কোনোবাই ক'লে যে, মই কেতিয়াও বিবাহ নকৰাম, কোনোবাই ক'লে, মই আৰু কেতিয়াও মাংস নাখাওঁ, আৰু আন কোনোবাই ক'লে, মই আজিৰ পৰা বিছনাত শুবলৈ নাযাওঁ। এই খবৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পাই, তেখেতে আল্লাহৰ হাম্দ অ ছানা পাঠ কৰিলে আৰু ক'লেঃ "এই লোকসকলৰ হৈছে কি? এওঁলোকে এনেকুৱা কথা কিয় কৈছে? মই দেখোন নামাজো পঢ়োঁ আৰু টোপনিও যাওঁ, ৰোজাও ৰাখোঁ আৰু ইফতাৰো কৰোঁ, নাৰীসকলক বিবাহো কৰোঁ। এতেকে শুনা! যিয়ে মোৰ ছুন্নতৰ পৰা বিমুখ হ'ব, সি মোৰ অন্তৰ্ভুক্ত নহয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ অহাৰ পিছত মৃত্যু পৰ্যন্ত তেখেতৰ পৰিয়ালৰ লোকসকলে একেলেঠাৰীয়ে তিনি ৰাতিলৈকে ঘেঁহুৰ ৰুটিৰে পেট ভৰাই খোৱা নাছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জোতা পিন্ধাৰ ক্ষেত্ৰত, চুলি ফণিওৱাৰ ক্ষেত্ৰত, পৱিত্ৰতা অৰ্জনৰ ক্ষেত্ৰত, আনকি তেখেতে সকলো (ভাল কামৰ) ক্ষেত্ৰতে সোঁফালৰ পৰা আৰম্ভ কৰাটোক পছন্দ কৰিছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মুহাম্মদৰ পৰিয়ালবৰ্গই দৈনিক ভোজন কৰা দুবেলা দুমুঠিৰ ভিতৰত এবেলি খাইছিল খেজুৰ।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিছনা আছিল চামৰাৰে তৈয়াৰী, আৰু তাৰ ভিতৰত আছিল খেজুৰ গছৰ ছাল। মুছলিমৰ বৰ্ণনাত আছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ গাৰু যিটোত তেখেতে আউজি বহিছিল সেইটো চামৰাৰে নিৰ্মিত আছিল আৰু তাৰ ভিতৰত আছিল খেজুৰ গছৰ ছাল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})