Skip to content

আমাৰ (মুছলিম) আৰু সিহঁতৰ (অমুছলিমৰ) মাজত (মুক্তিৰ) যি প্ৰতিশ্ৰুতি আছে, সেয়া হৈছে চালাত। এতেকে যিয়ে ইয়াক পৰিত্যাগ কৰে, সি কুফৰী কৰে।

বুৰাইদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

আমাৰ (মুছলিম) আৰু সিহঁতৰ (অমুছলিমৰ) মাজত (মুক্তিৰ) যি প্ৰতিশ্ৰুতি আছে, সেয়া হৈছে চালাত। এতেকে যিয়ে ইয়াক পৰিত্যাগ কৰে, সি কুফৰী কৰে।

«إِنَّ الْعَهْدَ الَّذِي بَيْنَنَا وَبَيْنَهُمُ الصَّلَاةُ، فَمَنْ تَرَكَهَا فَقَدْ كَفَرَ».

(তিৰমিজী, ইবনে মাজাহ, নাছায়ী, আহমদ)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, মুছলিম আৰু অন্যান্য লোক যেনে- কাফিৰ মুনাফিক আদিৰ মাজত যি প্ৰতিশ্ৰুতি আছে সেইটো হৈছে নামাজ। যিয়ে এই নামাজ পৰিত্যাগ কৰে, সি কুফৰী কৰে।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

নামাজৰ মহত্ত্ব। কাৰণ এইটোৱে হৈছে মুমিন আৰু কাফিৰৰ মাজত পাৰ্থক্যকাৰী।

আভ্যন্তৰীণ অৱস্থাৰ পৰিবৰ্তে বাহ্যিক ইছলামিক বিধান পালনৰ প্ৰমাণ।

সম্পাদক

ছুনান নাছায়ী (1/ 231) (463).

ছুনান তিৰমিজী (4/ 365) (2621).

ছুনান ইবনে মাজাহ (2/ 181) (1079).

মুছনাদ আহমদ (38/ 20) (22937).

অধিক (2)

فيض القدير (4/ 395).

ذخيرة العقبى في شرح المجتبى (6/ 192) (6/ 193).