16 : 71
وَٱللَّهُ فَضَّلَ بَعۡضَكُمۡ عَلَىٰ بَعۡضٖ فِي ٱلرِّزۡقِۚ فَمَا ٱلَّذِينَ فُضِّلُواْ بِرَآدِّي رِزۡقِهِمۡ عَلَىٰ مَا مَلَكَتۡ أَيۡمَٰنُهُمۡ فَهُمۡ فِيهِ سَوَآءٌۚ أَفَبِنِعۡمَةِ ٱللَّهِ يَجۡحَدُونَ
আৰু আল্লাহে জীৱনোপকৰণত তোমালোকৰ মাজৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। কিন্তু যিসকলক শ্ৰেষ্ঠত্ব দিয়া হৈছে সিহঁতে সিহঁতৰ অধীনস্থ দাস-দাসীসকলক নিজৰ জীৱনোপকৰণৰ পৰা পৰ্যাপ্ত পৰিমাণৰ দান কেতিয়াও নিদিয়ে, (এইকাৰণে যে,) যাতে সিহঁতেও এই ক্ষেত্ৰত সিহঁতৰ সমান হৈ নাযায়। এতেকে সিহঁতে আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰে নেকি?