Skip to content

النعمان بن ثابت الكوفي الإمام

الإسم

নুমান বিন ছাবিত আল-কূফী আল-ইমাম

اسم الشهرة

আবু হানীফাহ

نبذة مختصرة

আবু হানিফা নুমান ইবনে ছাবিত ইবনে ঝু-তা আল-কূফী। তেওঁ ধৰ্মৰ এজন ফকীহ আৰু ইমাম আছিল। তেওঁ অত্যন্ত আল্লাহভীৰু আৰু ধৰ্মপৰায়ণ ব্যক্তি আছিল। তেওঁ আল্লাহে নিষিদ্ধ কৰা কামত লিপ্ত হোৱাৰ পৰা নিজকে ৰক্ষা কৰিছিল। তেওঁক পাৰ্থিৱ জীৱনৰ ধন-সম্পত্তিৰ প্ৰলোভন দিয়া হৈছিল, কিন্তু তেওঁ সেইবোৰ গ্ৰহণ কৰা নাছিল। আনকি বাইতুল মাল অথবা বিচাৰকৰ দায়িত্ব লোৱাৰ বাবে তেওঁক বেত্ৰাঘাত কৰা হৈছিল তথাপিও তেওঁ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল। জাহাবীয়ে কৈছে: "তেওঁৰ বৰ্ণাঢ্য জীৱনী স্বতন্ত্ৰ দুটা খণ্ডত আলোচনা কৰিব পাৰি। আল্লাহ তেওঁৰ ওপৰত সন্তুষ্ট হওক আৰু তেওঁৰ ওপৰত ৰহম কৰক।" আহমদে তেওঁৰ বিষয়ে কৈছে: “আবু হানিফা ইল্ম, আল্লাহভীৰুতা, দুনিয়াৰ প্ৰতি অনীহা আৰু আখিৰাতমুখী হোৱাৰ ক্ষেত্ৰত এনেকুৱা অৱস্থাত আছিল, যিটো আনৰ ওচৰত পোৱা নাযায়।” মানচুৰৰ নিকটৱৰ্তীসকলৰ ভিতৰত চামিল কৰিবলৈ তেওঁক বেত্ৰাঘাত পৰ্যন্ত কৰা হৈছিল, তথাপিও তেওঁ সেই পদ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। আল্লাহৰ সন্তুষ্টি আৰু দয়া তেওঁৰ ওপৰত অৱতীৰ্ণ হওক।" ইমাম শ্বাফীয়ে কৈছে: মালিক ইবনে আনাছক সোধা হৈছিল: আবু হানীফাক দেখিছিলনে তথা তেওঁৰ সৈতে বিতৰ্ক কৰিছিলনে? তেওঁ ক’লে: “হয়, মই এনেকুৱা এজন মানুহক দেখিছোঁ, যদি এই শিলৰ খুঁটাটোক দেখি তেওঁ কয় যে, এইটো হৈছে সোণৰ, তেন্তে তেওঁ সেইটো প্ৰমাণ কৰিহে এৰিব।”১৫০ হিজৰীত তেওঁৰ মৃত্যু হৈছে।

المراجع

অধিক (1)
تاريخ بغداد (15/444)، تهذيب الأسماء واللغات (2/216)، تاريخ الإسلام (3/990)، وفيات الأعيان (5/405)، الأعلام للزركلي (8/36).