Skip to content

أم حكيم بنت الحارث بن هشام

الإسم

উম্মু হাকীম বিন্তে হাৰিছ ইবনে হিশ্বাম

اسم الشهرة

উম্মু হাকীম বিন্তে হাৰিছ ৰাদ্বিয়াল্লাহু ‘আনহা

نبذة مختصرة

উম্মু হাকীম বিন্তে হাৰিছ ইবনে হিশ্বাম ইবনে মুগীৰাহ আল-মাখজুমিয়্যাহ, তেওঁ হৈছে এজনী সন্মানীয়া নাৰী চাহাবিয়া। উহুদৰ দিনা তেওঁ মুশ্বৰিকসকলৰ লগত উপস্থিত হৈছিল। অৱশেষত মক্কা বিজয়ৰ দিনা তেওঁ ইছলাম গ্ৰহণ কৰিছে। আবু জাহেলৰ পুত্ৰ ইকৰিমা আছিল তেওঁৰ স্বামী। ইকৰিমা য়ামানলৈ পলাই গৈছিল। ফলত তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা অনুমতি লৈ ইকৰিমাৰ ওচৰলৈ গৈ তেওঁক ওভোতাই আনিছিল আৰু ইকৰিমাও আহি ইছলাম গ্ৰহণ কৰিছিল। ইয়াৰ পিছত উম্মু হাকীম তেওঁৰ সৈতে ৰোমানসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যায়, আৰু তাতেই ইকৰিমাই মৃত্যুবৰণ কৰে। ইয়াৰ পিছত দামিশ্বকৰ দক্ষিণত মাৰজুছ ছুফ্ফাৰ যুদ্ধৰ কিছু পূৰ্বে তেওঁ খালিদ ইবনে ছাইদ ইবনে আল-আছৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তাত শ্বহীদ হোৱাৰ সময়ত উম্মু হাকিমে ক্ষিপ্ৰতাৰ সৈতে জপিয়াই পৰিছিল আৰু তেওঁ সুসংযত হৈ থকাৰ পিছতো তেওঁৰ কাপোৰ ফাদিল হৈছিল। মুছলিমসকলে এই যুদ্ধ এখন নদীৰ পাৰত সাঁকোৰ ওচৰত কৰিছিল, যিটোক পিছলৈ ‘উম্মু হাকিমৰ সাঁকো’বুলি নামকৰণ কৰা হয়। তেওঁ ফুস্তাত নগৰৰ স্তম্ভৰ ওচৰত সাতজন ৰোমানক হত্যা কৰিছিল, য’ত খালিদে তেওঁক বিয়া কৰাইছিল। ১৪ হিজৰীত তেওঁৰ মৃত্যু হয়।

المراجع

অধিক (1)
الطبقات الكبرى (8/ 205)، الاستيعاب في معرفة الأصحاب (4/ 1932)، أسد الغابة (7/ 309)، الإصابة في تمييز الصحابة (8/ 379)، الأعلام للزركلي (2/269).