Skip to content

حسان بن ثابت بن المنذر

الإسم

হাচ্ছান বিন ছাবিত ইবনুল মুনযিৰ

اسم الشهرة

হাচ্ছান বিন ছাবিত

نبذة مختصرة

হাচ্ছান বিন ছাবিত ইবনুল মুনজিৰ ইবনে হাৰাম আল-আনছাৰী আল-খাজৰাজী আৰু তাৰ পিছত আন-নাজ্জাৰী। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবি। তেওঁৰ কেইবাটাও উপনাম আছিল: আবুল ৱালিদ, এই নামটোৱেই আটাইতকৈ বিখ্যাত, লগতে আবুল মুজাৰ্ৰিব, আবুল হুছাম আৰু আবু আব্দুৰ ৰহমানো হৈছে তেওঁৰ উপনাম। ছহীহ সূত্ৰত বর্ণিত হৈছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে হাচ্ছান ইবনে ছাবিতৰ বাবে মছজিদত এটা সুকীয়া মিম্বৰ স্থাপন কৰিছিল, আৰু তেওঁ তাত থিয় হৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক ঠাট্টা-মস্কৰা কৰা আৰু নিন্দা কৰা লোকসকলক ভৰ্ৎসনা কৰি উত্তৰ দিছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “নিশ্চয় ৰুহুল কুদুচ (জিব্ৰীল) হাচ্ছানৰ লগত তেতিয়ালৈকে থাকে যেতিয়ালৈকে তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ হৈ উত্তৰ দি থাকে।” ইবনে ছা’দে কৈছে: তেওঁ অজ্ঞতা যুগত ৬০ বছৰ আৰু ইছলামী যুগত ৬০ বছৰ জীয়াই আছিল। ৫৪ হিজৰীত মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১২০ বছৰ।

المراجع

অধিক (1)
الطبقات لخليفة بن خياط (ص: 156) معجم الصحابة لابن قانع (1/ 199) الثقات لابن حبان (3/ 71) أسد الغابة (1/ 482) الأعلام للزركلي (2/176)