حكيم بن حزام بن خويلد
الإسم
হাকীম ইবনে হিজাম ইবনে খুৱাইলিদ
اسم الشهرة
হাকীম বিন হিজাম -ৰাদ্বিয়াল্লাহু আনহু-
نبذة مختصرة
হাকিম ইবনে হিজাম ইবনে খুৱাইলিদ ইবনে আছাদ ইবনে আব্দুল উজ্জা ইবনে কুছাই আল আছাদী। তেওঁ আছিল এজন সন্মানীয় চাহাবী। তেওঁ কুৰাইচসকলৰ অন্যতম এজন নেতা আছিল। নুবুওৱতৰ পূৰ্বেও তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বন্ধু আছিল, আৰু নবী হোৱাৰ পিছতো তেওঁ তেখেতক মুহাব্বত কৰিছিল আৰু ভাল পাইছিল। কিন্তু তেওঁ পলমকৈ ইছলাম গ্ৰহণ কৰিছিল, আনকি মক্কা বিজয়ৰ বছৰতহে তেওঁ ইছলাম গ্ৰহণ কৰিছিল। তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিছিল: অজ্ঞতা যুগত মই কিছুমান ভাল কাম কৰিছিলোঁ, ইছলাম গ্ৰহণ কৰাৰ পিছত মই সেইবোৰৰ কিবা পুৰস্কাৰ পামনে? তেখেতে কৈছিল: “যিহেতু তুমি পূৰ্বৰ ভাল কামবোৰৰ সৈতে ইছলাম গ্ৰহণ কৰিছা (সেয়ে তাৰ পুৰস্কাৰ নিশ্চয় পাবা)।” ৫৪ হিজৰীত তেওঁৰ মৃত্যু হয়।