Skip to content

جبير بن مطعم بن عدي بن نوفل

الإسم

জুবাইৰ ইবনে মুত‘ঈম ইবনে আদী ইবনে নাওফল

اسم الشهرة

জুবাইৰ বিন মুতয়িম -ৰাদ্বিয়াল্লাহু আনহু-

نبذة مختصرة

জুবাইৰ ইবনে মুত‘ঈম ইবনে আদী ইবনে নাওফল ইবনে আব্দে মানাফ আল-কুৰাইশ্বী আন-নাওফালী। তেওঁ এজন সন্মানীয় চাহাবী আছিল। তেওঁ কুৰাইশ্বৰ মাজৰ প্রবীণসকলৰ অন্যতম আছিল, লগতে বংশ-বিদ্যাত আছিল পাৰদর্শী। বদৰৰ যুদ্ধত বন্দী হোৱা লোকসকলক এৰুৱাবলৈ মুক্তিপণ সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে তেৱেঁই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিছিল। তাত আহি তেওঁ তেখেতক মাগৰিবৰ চালাতত ‘ছুৰা তূৰ’ তিলাৱত কৰা শুনিছিল। তেওঁ কৈছে: তেতিয়াই পোন প্রথমবাৰ মোৰ অন্তৰত ঈমান প্ৰৱেশ কৰিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক কৈছিল: “আজি যদি (তোমাৰ পিতা) মুত‘ঈম ইবনে আদী জীৱিত থাকিলহেঁতেন, আৰু তেওঁ যদি এই দুৰ্গন্ধযুক্ত লোকসকলক এৰি দিয়াৰ বিষয়ে মোৰ লগত আলোচনা কৰিলেহেঁতেন তেন্তে মই নিশ্চয় ইহঁতক এৰি দিলোঁহেঁতেন” (অৰ্থাৎ বদৰৰ যুদ্ধবন্দীসকলক)। এই হাদীছটোক বুখাৰীয়ে বৰ্ণনা কৰিছে। অৱশেষত হুদাইবিয়াহ আৰু ফাতহে মক্কাৰ মধ্যৱৰ্তী সময়ত জুবাইৰ ৰাদ্বিয়াল্লাহু আনহুৱে ইছলাম গ্রহণ কৰিছিল। কিছুমানে কৈছে: ফাতহে মক্কাৰ সময়ত। তেওঁ মু‘আবিয়া ৰাদ্বিয়াল্লাহু আনহুৰ খিলাফতকালত ৫৯ হিজৰীত মৃত্যুবৰণ কৰিছে।

المراجع

অধিক (1)
البداية والنهاية (11/ 216) الكنى والأسماء للإمام مسلم (2/ 717) مشاهير علماء الأمصار (ص: 32) معرفة الصحابة لأبي نعيم (2/ 518) الاستيعاب في معرفة الأصحاب (1/ 232) الأعلام للزركلي (2/112)