أنس بن مالك بن النضر الأنصاري
الإسم
আনাছ বিন মালিক বিন নজৰ আল-আনচাৰী
اسم الشهرة
আনাছ বিন মালিক -ৰাদ্বিয়াল্লাহু আনহু-
نبذة مختصرة
আবু হামজাহ অথবা আবু ছুমামাহ আনাছ ইবনু মালিক ইবনে নজৰ ইবনে জমজম আল-আনচাৰী আন-নাজ্জাৰী আল-খাঝৰাজী আল-বাচৰী। তেওঁ এজন সন্মানীয় চাহাবী। হিজৰতৰ দহ বছৰ আগত তেওঁ জন্মগ্ৰহণ কৰিছে। তেওঁ আছিল ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ খাদিম আৰু অধিক হাদীছ বৰ্ণনাকাৰীসকলৰ মাজৰ অন্যতম। লগতে তেওঁ হৈছে বচৰাত মৃত্যুবৰণকাৰী সৰ্বশেষ চাহাবী। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ বাবে দু‘আ কৰি কৈছিল: “হে আল্লাহ! তুমি এওঁৰ সম্পদ আৰু সন্তান-সন্ততি বৃদ্ধি কৰি দিয়া আৰু এওঁক জান্নাতত প্ৰৱেশ কৰোৱা।” তেওঁ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে বদৰৰ যুদ্ধলৈ ওলাই গৈছিল; তেতিয়া তেওঁ সৰু (বালক) আছিল, তেখেতৰ খিদমত কৰিছিল (সেৱা আগবঢ়াইছিল)। আবু বকৰ ৰাদিয়াল্লাহু আনহুক যেতিয়া খলিফা নিৰ্ধাৰণ কৰা হ’ল, তেতিয়া তেখেতে আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ দূত প্ৰেৰণ কৰি অৱগত কৰোৱাইছিল তেওঁ যেন বাহৰাইনত যাকাত আদায়কাৰী দায়িত্বশীল হিচাপে যোগদান কৰে। সেই সময়তে আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ ওমৰ ৰাদিয়াল্লাহু আনহু প্ৰৱেশ কৰে, আৰু তেখেতে তেওঁৰ ওচৰত এই বিষয়ে পৰামৰ্শ বিচাৰে, ফলত তেওঁ ক’লে: হয়, তেওঁক পঠাওক। তেওঁ এজন বুদ্ধিমান লেখক। ফলত তেওঁক প্ৰেৰণ কৰা হ’ল। অৱশেষত ৯৩ হিজৰীত তেওঁ মৃত্যুবৰণ কৰে।