Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 6 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"নিশ্চয় মহান আল্লাহে ফৰজসমূহক অৱশ্য পালনীয় কৰি দিছে, গতিকে এই ক্ষেত্ৰত তোমালোকে অৱহেলা নকৰিবা, লগতে তেওঁ কিছুমান সীমা নিৰ্ধাৰণ কৰি দিছে, গতিকে তোমালোকে সেইবোৰ লঙ্ঘন নকৰিবা। তেওঁ কিছুমান বস্তুক হাৰাম কৰিছে, গতিকে সেইবোৰ অমান্য নকৰিবা। তেওঁ কিছুমান বিষয়ত জানি বুজি নিৰৱতা অৱলম্বন কৰিছে- তোমালোকৰ বাবে ৰহমত হিচাপে; গতিকে সেইবোৰৰ বিষয়ে বেছি অনুসন্ধান নকৰিবা।"
নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ হাদীছটো হাছান। দাৰুকুতনীয়ে তেওঁৰ ছুনানত বৰ্ণনা কৰিছে।
ছুন্নত হৈছে মুআজ্জিনে ফজৰৰ আজানত হাইয়্য়া আলাল ফালাহ কোৱাৰ পিছত "আচ্ছালাতু খাইৰুম মিনান নাওম," কোৱা।
ছহীহ ইবনু খুযাইমা, দাৰুকুতনী আৰু বাইহাক্বীয়ে বৰ্ণনা কৰিছে।
নিশ্চয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গোবৰ বা হাড় আদিৰে ইস্তিঞ্জা (পৰিষ্কাৰ) কৰিবলৈ নিষেধ কৰিছে। তেখেতে আৰু কৈছে: "নিশ্চয় এইবোৰে পৰিষ্কাৰ নকৰে।"
ছহীহ (দাৰু কুতনী)
"নিজৰ ক্ষতি কৰা উচিত নহয়, আৰু আনৰ ক্ষতি কৰাও উচিত নহয়।"
হাছান ইবনে মাজাহ আৰু দাৰাকুতনীয়ে মুছনাদ হিচাপে বৰ্ণনা কৰিছে।
(আৰম্ভণিতো) ক্ষতি কৰা উচিত নহয় আৰু প্ৰতিশোধ লোৱাৰ ক্ষেত্ৰতো ক্ষতি কৰা উচিত নহয়। যিয়ে আনক ক্ষতি কৰিব, আল্লাহে তাক ক্ষতি কৰিব। এইদৰে যিয়ে আনক কষ্ট দিব, আল্লাহেও তাক কষ্ট দিব।
অন্যান্য হাদীছৰ সমৰ্থনত ছহীহ (দাৰু কুতনী)
"তোমালোকৰ মাজৰ কোনোবাই যদি অজু কৰি মোজা পৰিধান কৰে, তেন্তে তেওঁ যেন সেই মোজাৰ ওপৰত মছেহ কৰে। এই মোজা পৰিধান কৰিয়ে তেওঁ নামাজ পঢ়িব পাৰিব। আনহাতে ডাঙৰ নাপাকী নোহোৱাকৈ এইটো খোলাৰ প্ৰয়োজন নাই।"
ছহীহ (দাৰু কুতনী)