Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 1 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

বৰ্ণনাকাৰী

জুমুআৰ দিনা এজন ব্যক্তিয়ে দাৰুল কাজা (বিচাৰ মীমাংসা কৰা ঠাই)ৰ ফালে থকা দুৱাৰেৰে মছজিদত প্ৰৱেশ কৰিলে। সেই সময়ত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে থিয় হৈ খুতবা দি আছিল। সেই ব্যক্তিজনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ফালে মুখ কৰি ক'লেঃ হে আল্লাহৰ ৰাছুল! ধন-সম্পদ বিনষ্ট হৈ যাব ধৰিছে আৰু (প্ৰখৰ ৰ'দৰ কাৰণে) বাট-পথত ওলাব নোৱাৰা অৱস্থা হৈছে। আপুনি আল্লাহৰ ওচৰত দুআ কৰক তেওঁ যেন আমাক বৰষুণ দান কৰে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দুয়ো হাত উত্তোলন কৰিলে আৰু এই বুলি দুআ কৰিলেঃ "আল্লাহুম্মা আগিছনা, আল্লাহুম্মা আগিছনা, আল্লাহুম্মা আগিছনা।" আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ আল্লাহৰ শপত! আমি তেতিয়া আকাশৰ ফালে চাইছিলোঁ আকাশত কোনো মেঘ নাছিল, আনকি মেঘৰ কোনো টুকুৰাও নাছিল। ছালআ পৰ্বত আৰু আমাৰ মাজৰ ঠাইখিনিত কোনো ঘৰ দুৱাৰো নাছিল। হঠাৎ ছালআ পৰ্বতৰ পিছফালৰ পৰা ঢালৰ নিচিনা এটুকুৰা মেঘ আহিল, আৰু মাজ আকাশত আহি সেই মেঘ টুকুৰা প্ৰসাৰিত হৈ পৰিল। ইয়াৰ পিছত ধাৰাসাৰ বৰষুণ আৰম্ভ হ'ল। আল্লাহৰ শপত! আমি ছয় দিনলৈকে সূৰ্য্য দেখা পোৱা নাছিলোঁ। ইয়াৰ পিছৰ জুমুআত সেই দুৱাৰেৰেই এজন ব্যক্তি সোমাই আহিল, ইপিনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম থিয় হৈ খুতবা দি আছিল। ব্যক্তিজনে তেখেতৰ সন্মুখত থিয় হৈ ক'লেঃ হে আল্লাহৰ ৰাছুল! ধন-সম্পদ বিনষ্ট হৈ যাব ধৰিছে আৰু (ধাৰাসাৰ বৰষুণৰ কাৰণে) বাট-পথ বন্ধ হৈ পৰিছে। আপুনি আল্লাহৰ ওচৰত দুআ কৰক তেওঁ যেন আমাৰ পৰা এই বৰষুণ বন্ধ কৰে। আনাছে কৈছেঃ তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দুয়ো হাত উত্তোলন কৰি এই বুলি দুআ কৰিলেঃ "আল্লাহুম্মা হাৱালাইনা অলা আলাইনা, আল্লাহুম্মা আলাল আকামি অজ্জিৰাব, অবুতূনিল আউদিয়াতি অমানাবিতিশ্ব শ্বাজাৰ।" আনাছে কৈছেঃ দুআৰ পিছতেই বৰষুণ বন্ধ হৈ গ'ল, আৰু আমি ৰ'দৰ মাজত ঘৰলৈ উভতিলোঁ। (এই হাদীছটোৰ এজন বৰ্ণনাকাৰী) শ্বাৰীকে কৈছেঃ মই আনাছক সুধিছিলোঁ যে, এই ব্যক্তিজনেই সেইজন নেকি, যিয়ে প্ৰথম দিনা দুআ কৰিবলৈ কৈছিল? তেওঁ কৈছেঃ "মই নাজানো"।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})