Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 3 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"হে মানৱজাতি! তোমালোকে ছালাম প্ৰচাৰ কৰা, মানুহক আহাৰ কৰোৱা আৰু আত্মীয়তাৰ বন্ধন অটুট ৰখা। ৰাতিত যেতিয়া সকলোৱে টোপনিত যায় তেতিয়া উঠি চালাত আদায় কৰা। (এনেকুৱা কৰিলে) সহজে জান্নাতত প্ৰৱেশ কৰিব পাৰিবা।"
ছহীহ (তিৰমিজী, ইবনে মাজাহ, আহমদ)
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম মিম্বৰৰ ওপৰত আছিল সেই সময়ত এজন ব্যক্তিয়ে প্ৰশ্ন কৰিলে যে, আপোনাৰ মতে তাহাজ্জুদ নামাজ কেনেকৈ পঢ়িব লাগে? তেখেতে ক'লেঃ "দুই দুই ৰাকাতকৈ। যদি প্ৰভাত হোৱাৰ আশংকা হয় তেন্তে এক ৰাকাত পঢ়ি ল'বা। ইয়াৰ ফলত পূৰ্বৱৰ্তী নামাজ ৱিতিৰ হৈ যাব।" (নাফে কৈছেঃ) ইবনে ওমৰে কৈছিলঃ "তোমালোকে ৱিতিৰক ৰাতিৰ শেষ নামাজ হিচাপে আদায় কৰিবা।" কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইটোৱে নিৰ্দেশ দিছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত লাইলাতুল কদৰত কিয়াম (অৰ্থাৎ চালাত আদায়) কৰিব, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})