ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ছামি আল্লাহু লিমান হামিদাহ বুলি কৈছিল, (তেতিয়া আমি সেই সময়ত উঠিছিলোঁ, যেতিয়া তেখেত উঠি থিয় দিছিল) আৰু আমি তেতিয়ালৈকে ছাজদাত যোৱা নাছিলোঁ যেতিয়ালৈকে তেখেতে ছাজদাহ কৰা নাছিল।
আব্দুল্লাহ বিন য়াঝীদ আল-খাতমীয়ে কৈছেঃ বাৰা ইবনে আঝিবে মোক হাদীছ বৰ্ণনা কৰিছে, আৰু তেওঁ মিছলীয়া নহয়। তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ছামি আল্লাহু লিমান হামিদাহ বুলি কৈছিল, (তেতিয়া আমি সেই সময়ত উঠিছিলোঁ, যেতিয়া তেখেত উঠি থিয় দিছিল) আৰু আমি তেতিয়ালৈকে ছাজদাত যোৱা নাছিলোঁ যেতিয়ালৈকে তেখেতে ছাজদাহ কৰা নাছিল।
كَانَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ إِذَا قَالَ: سَمِعَ اللَّهُ لِمَنْ حَمِدَهُ، لَمْ يَحْنِ أَحَدٌ مِنَّا ظَهْرَهُ حَتَّى يَقَعَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ سَاجِدًا، ثُمَّ نَقَعُ سُجُودًا بَعْدَهُ.
হাদীছটো বাৰাআ ইবনে আঝিব ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে আৰু তেওঁ আছিল এজন সত্যবাদী। তেওঁ কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ছামি আল্লাহু লিমান হামিদাহ বুলি কৈ থিয় হৈছিল, তাৰ পিছত আমি থিয় হৈছিলোঁ, আৰু আমি তেতিয়ালৈকে ছাজদাত যোৱা নাছিলোঁ যেতিয়ালৈকে তেখেতে মাটিত কপাল ৰখা নাছিল, তাৰ পিছতহে আমি ছাজদাহ কৰিছিলোঁ।
চাহাবাসকলে নামাজত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক এইদৰে অনুসৰণ কৰিছিল যে, তেওঁলোকে থিয় হৈয়ে থাকিছিল যেতিয়ালৈকে তেখেতে ছাজদাত মূৰ থোৱা নাছিল।
ইবনু দাক্বীক্বুল ঈদে কৈছেঃ ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অত্যন্ত ধীৰ স্থিৰতাৰ সৈতে নামাজ আদায় কৰিছিল।
ইমামৰ সৈতে নামাজ পঢ়াৰ সময়ত অনুসৰণৰ দিশৰ পৰা মুক্তাদীৰ চাৰিটা অৱস্থা হয়ঃ ১- অগ্ৰগামী হোৱা (মুছাবাকাহ): অৰ্থাৎ মুক্তাদীয়ে ইমামৰ আগতেই নামাজৰ কোনো এটা ৰুকনত উপনীত হোৱা। যেনে- ইমামৰ আগতেই মুক্তাদিয়ে ৰুকু বা ছাজদাত গুচি যোৱা। এইটো কৰা হাৰাম (নিষিদ্ধ)। যদি কোনোবাই জানি-বুজি ইমামৰ আগতেই নামাজৰ কোনো ৰুকুন সম্পাদন কৰে, তেন্তে তাৰ নামাজ বাতিল হৈ যাব। সেইটো কোনো ৰুকনৰ আগত হওক অথবা কোনো ৰুকন আদায় কৰিবলৈ লওঁতে হওক। আনহাতে যদি এইটো তাকবীৰে তাহৰীমাৰ ক্ষেত্ৰত হয়, অৰ্থাৎ ইমামে তাকবীৰে তাহৰীমা দিয়া আগতেই যদি কোনো ব্যক্তিয়ে তাহৰীমা বান্ধে তেন্তে সি মূলতে নামাজত প্ৰৱেশে কৰা নাই। সেই ব্যক্তিয়ে পুনৰ নামাজ আদায় কৰিব লাগিব। ২. একেলগে কৰা (মুৱাফাকাহ): অৰ্থাৎ ইমামৰ সৈতে একেলগে কামবোৰ কৰা। যেনে- ইমামে ৰুকু কৰিলে সিও ইমামৰ লগতেই ৰুকু কৰে; ইমামে ছাজদাহ কৰিলে সিও একেলগে ছাজদাহ কৰে; ইমামে উঠিলে সিও উঠি যায়। এইদৰে কৰাটো হৈছে মাকৰূহ (অপছন্দনীয়), কিন্তু দলীল প্ৰমাণাদিৰ ভিত্তিত ই হাৰামৰ পৰ্যায় পায়গৈ। যদি কোনোবাই ইমামৰ সৈতে একেলগে তাকবীৰে তাহৰীমা বান্ধে, তেন্তে তাৰ নামাজ শুদ্ধ নহ'ব, সেই নামাজ পুনৰ আদায় কৰিব লাগিব। ৩. অনুসৰণ কৰা (মুতাবাআত): অৰ্থাৎ ইমামে কৰাৰ পিছত পলম নকৰাকৈ মুক্তাদীয়ে কৰা। এইটোৱে হৈছে চৰীয়ত সন্মত তথা ছুন্নাহ ভিত্তিক। ৪. পলমকৈ কৰা (তাখাল্লুফ): ইমামে কোনো এটা ৰুকন পালন কৰাৰ পিছত মুক্তাদিয়ে ইমানখিনি সময় পলম কৰা যে, যাৰ ফলত অনুসৰণৰ সময় পাৰ হৈ যায়। যেনে- ইমামে ৰুকু কৰাৰ পিছত মুক্তাদী থিয় হৈয়ে আছে, ইপিনে ইমামৰ থিয় হোৱাৰ সময় হৈছে। এইটো হৈছে ছুন্নাহ বিৰোধী তথা হাৰাম। কিন্তু যদি কোনো বৈধ ওজৰ থাকে যেনে- অসুস্থতা, বয়সজনিত দুৰ্বলতা আদিৰ বাবে, তেন্তে এইটো ক্ষমাযোগ্য।
ছহীহ বুখাৰী (1/ 140) (690).
ছহীহ মুছলিম (1/ 345) (474).
অধিক (4)
الإلمام بشرح عمدة الأحكام.
لإسماعيل الأنصاري (1/ 114).
تيسير العلام شرح عمدة الأحكام.
لعبد الله البسام (ص139).