Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 14 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
তোমালোকে তোমালোকৰ শাৰীবিলাক পোন কৰি লোৱা। কিয়নো শাৰীবিলাক পোন কৰি লোৱাটো হৈছে চালাতৰ পৰিপূৰ্ণতাৰ অন্তৰ্ভুক্ত।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
হে আল্লাহ! মোৰ কবৰক তুমি মূৰ্তিত পৰিণত নকৰিবা। আল্লাহে সেই সম্প্ৰদায়ৰ প্ৰতি অভিশাপ কৰিছে, যিসকলে সিহঁতৰ নবীসকলৰ কবৰসমূহক মছজিদ বনাই লৈছে।
ছহীহ (আহমদ)
"আল্লাহৰ ওচৰত আটাইতকৈ প্ৰিয় ঠাই হৈছে মছজিদ, আৰু আটাইতকৈ ঘৃণনীয় ঠাই হৈছে বজাৰ।"
ছহীহ (মুছলিম)
এদিনাখন আমি ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মছজিদত বহি আছিলোঁ, এনেতে এজন বেদুঈন মানুহ আহি মছজিদতে প্ৰস্ৰাৱ কৰিবলৈ ধৰিলে। চাহাবীসকলে তাক বাধা প্ৰদান কৰি ক'লে, "বন্ধ কৰা, বন্ধ কৰা!"। তেতিয়া ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, "তাক বাধা নিদিবা, এৰি দিয়া।" চাহাবীসকলে তাক এৰি দিলে আৰু সি প্ৰস্ৰাৱ কৰিলে। ইয়াৰ পিছত ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে তাক মাতি নি ক'লে, "এই মছজিদবোৰ প্ৰস্ৰাৱ বা কোনো অপবিত্ৰ কামৰ বাবে উপযুক্ত নহয়। এইবোৰ হৈছে কেৱল আল্লাহৰ জিকৰ-আজকাৰ, নামাজ আৰু কোৰআন তিলাৱত কৰাৰ বাবেহে নিৰ্দিষ্ট।" অথবা ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে যেনেকৈ কৈছিল (আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে) তেনেকৈয়ে উল্লেখ কৰিছিল। ইয়াৰ পিছত তেখেতে এজন লোকক পানীৰ এটা বাল্টি আনিবলৈ ক'লে আৰু সেই ঠাইত পানী ঢালি দিলে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
তোমালোকৰ মাজৰ কোনোবাই যেতিয়া মছজিদত প্ৰৱেশ কৰে তেতিয়া তেওঁ এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মাফ তাহলী আবৱাবা ৰাহমাতিক", (অৰ্থঃ হে আল্লাহ! মোৰ বাবে তোমাৰ ৰহমতৰ দুৱাৰসমূহ খুলি দিয়া), আৰু ওলোৱাৰ সময়ত এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মা ইন্নি আছআলুকা মিন ফাজলিক", (অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ কামনা কৰোঁ)।
ছহীহ (মুছলিম)
"তোমালোকে আল্লাহৰ বান্দীসকলক আল্লাহৰ ঘৰ মছজিদৰ পৰা বাধা প্ৰদান নকৰিবা। কিন্তু সিহঁতে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত যাতে সুগন্ধি ব্যৱহাৰ নকৰে।"
হাছান (আবু দাঊদ)
"মানুহে মছজিদকলৈ অহংকাৰ নকৰালৈকে কিয়ামত সংঘটিত নহ'ব।"
ছহীহ আবু দাঊদ, নাছায়ী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।
উছমান ৰাদ্বিয়াল্লাহু আনহুৱে মছজিদ পুনৰ্ণিমান কৰিব বিচৰাত মানুহে বিষয়টোক অপছন্দ কৰিলে, আৰু তেওঁলোকে পছন্দ কৰিলে যে, মছজিদ আগৰ অৱস্থাতে থাকক। তেতিয়া তেওঁ ক'লেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "যিয়ে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ উদ্দেশ্যে মছজিদ নিৰ্মাণ কৰে, আল্লাহে তাৰ বাবে জান্নাতত অনুৰূপ এখন ঘৰ নিৰ্মাণ কৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})