নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জোহৰৰ পূৰ্বে চাৰি ৰাকাত আৰু ফজৰৰ পূৰ্বে দুই ৰাকাত কেতিয়াও এৰা নাছিল।
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে,
"নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জোহৰৰ পূৰ্বে চাৰি ৰাকাত আৰু ফজৰৰ পূৰ্বে দুই ৰাকাত কেতিয়াও এৰা নাছিল।"
أن النبي صلى الله عليه وسلم كان لا يَدع أربعا قَبل الظهر وركعتين قبل الغَدَاة.
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰত নিয়মিতভাৱে নফল আদায় কৰিছিল, সেইবোৰ কেতিয়াও এৰা নাছিল। তেখেতে জোহৰৰ পূৰ্বে দুই ছালামত চাৰি ৰাকাত আদায় কৰিছিল, আৰু ফজৰৰ পূৰ্বে দুই ৰাকাত পঢ়িছিল।
জোহৰৰ পূৰ্বে চাৰি ৰাকাত আৰু ফজৰৰ পূৰ্বে দুই ৰাকাত নামাজ নিয়মিত আদায় কৰিব লাগে।
ছুন্নত নামাজবোৰ ঘৰত আদায় কৰা উত্তম। এইকাৰণেই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই এই বিষয়টো ভালকৈ জানিছিল আৰু তেওঁ হাদীছটোত জনাইছে।
ছহীহ বুখাৰী (2/ 59) (1182).
অধিক (2)
توضيح الأحكام مِن بلوغ المرام.
لعبد الله البسام (2/ 379).