Skip to content

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ অহাৰ পিছত মৃত্যু পৰ্যন্ত তেখেতৰ পৰিয়ালৰ লোকসকলে একেলেঠাৰীয়ে তিনি ৰাতিলৈকে ঘেঁহুৰ ৰুটিৰে পেট ভৰাই খোৱা নাছিল।

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ অহাৰ পিছত মৃত্যু পৰ্যন্ত তেখেতৰ পৰিয়ালৰ লোকসকলে একেলেঠাৰীয়ে তিনি ৰাতিলৈকে ঘেঁহুৰ ৰুটিৰে পেট ভৰাই খোৱা নাছিল।

مَا شَبِعَ آلُ مُحَمَّدٍ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ مُنْذُ قَدِمَ المَدِينَةَ مِنْ طَعَامِ البُرِّ ثَلاَثَ لَيَالٍ تِبَاعًا، حَتَّى قُبِضَ.

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই হাদীছটোত উল্লেখ কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম মদীনালৈ অহাৰ পিছৰ পৰা তেখেতে আৰু তেখেতৰ পৰিয়ালবৰ্গই কেতিয়াও তিনি দিন পৰ্যন্ত ধাৰাবাহিকভাৱে ঘেঁহুৰ ৰুটি খাই তৃপ্ত হোৱা নাছিল। এই ধাৰাবাহিকতা তেখেতৰ মৃত্যু পৰ্যন্ত আছিল।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত উল্লেখ হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু তেখেতৰ পৰিয়ালবৰ্গই অত্যন্ত সাধাৰণ জীৱন যাপন কৰিছিল। কিয়নো আখিৰাতৰ জীৱনেই হৈছে আচল জীৱন।

ইবনু হাজাৰে কৈছেঃ তেখেতসকলে এইদৰে জীৱন যাপন কৰাৰ অন্যতম প্ৰধান কাৰণ আছিল সা-সামগ্ৰীৰ অভাৱ। যদিও কেতিয়াবা তেখেতসকলে যথেষ্ট খাদ্য সামগ্ৰী পাইছিল, কিন্তু তাৰ পিছতো তেখেতসকলে নিজতকৈ আনক বেছি প্ৰাধান্য দিছিল।

সম্পাদক

ছহীহ বুখাৰী (7/ 75) (5416).

ছহীহ মুছলিম (4/ 2282) (2970).

অধিক (2)

المفهم لما أشكل من تلخيص كتاب مسلم (7/ 129).

البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (45/ 129).