Skip to content

আখিৰাতৰ স্তৰসমূহৰ মাজত কবৰ হৈছে প্ৰথম স্তৰ। যিয়ে এই স্তৰত ৰেহাই পাব, তাৰ বাবে পৰৱৰ্তী স্তৰসমূহ ইয়াতকৈ সহজ হ'ব। আনহাতে যিয়ে ইয়াত সফলতা অৰ্জন নকৰিব, তাৰ বাবে পৰৱৰ্তী স্তৰসমূহ অধিক কঠিন হ'ব।

উছমান ৰাদ্বিয়াল্লাহু আনহুৰ মুক্ত কৰা দাস হানীৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ উছমান ৰাদ্বিয়াল্লাহু আনহুৱে যেতিয়া কোনো কবৰৰ ওচৰত থিয় হৈছিল, তেতিয়া তেখেত ইমান কান্দিছিল যে, তেখেতৰ দাড়ি জিকি গৈছিল। তেখেতক কোৱা হ'লঃ আপুনি যেতিয়া জান্নাত আৰু জাহান্নামৰ কথা স্মৰণ কৰে তেতিয়াতো নাকান্দে, কিন্তু ইয়াত কিয় কান্দি আছে? তেতিয়া তেখেতে ক'লেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"আখিৰাতৰ স্তৰসমূহৰ মাজত কবৰ হৈছে প্ৰথম স্তৰ। যিয়ে এই স্তৰত ৰেহাই পাব, তাৰ বাবে পৰৱৰ্তী স্তৰসমূহ ইয়াতকৈ সহজ হ'ব। আনহাতে যিয়ে ইয়াত সফলতা অৰ্জন নকৰিব, তাৰ বাবে পৰৱৰ্তী স্তৰসমূহ অধিক কঠিন হ'ব।"

«إِنَّ الْقَبْرَ أَوَّلُ مَنْزِلٍ مِنْ مَنَازِلِ الْآخِرَةِ، فَإِنْ نَجَا مِنْهُ فَمَا بَعْدَهُ أَيْسَرُ مِنْهُ، وَإِنْ لَمْ يَنْجُ مِنْهُ فَمَا بَعْدَهُ أَشَدُّ مِنْهُ».

(তিৰমিজী, ইবনে মাজাহ)
হাছান
ব্যাখ্যা

আমিৰুল মুমিনীন উছমান বিন আফ্ফান ৰাদ্বিয়াল্লাহু আনহুৱে যেতিয়া কোনো কবৰৰ ওচৰত থিয় হৈছিল, তেতিয়া তেওঁ কান্দিছিল, আনকি অশ্ৰুৰে তেওঁৰ দাড়ি তিতি গৈছিল। তেওঁক প্ৰশ্ন কৰা হ'লঃ জান্নাত আৰু জাহান্নামৰ কথা স্মৰণ কৰি, জান্নাতৰ আশাত আৰু জাহান্নামৰ ভয়ত কেতিয়াওতো আপোনাক কান্দা দেখা নাই, আৰু আপুনি কবৰ দেখি কান্দি আছে? (কাৰণ কি?) তেতিয়া তেওঁ ক'লেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ কবৰ হৈছে আখিৰাতৰ প্ৰথম মঞ্জিল। যিয়ে ইয়াৰ পৰা ৰক্ষা পাব, তাৰ বাবে পৰৱৰ্তী মঞ্জিলসমূহ সহজ হ'ব। আনহাতে যিয়ে ইয়াৰ শাস্তিৰ পৰা নাজাত নাপাব, তাৰ বাবে পৰৱৰ্তী শাস্তিসমূহ অধিক কঠিন হ'ব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোৱে প্ৰমাণ কৰে যে, উছমান ৰাদ্বিয়াল্লাহু আনহুৱে আল্লাহক কি পৰিমাণ ভয় কৰিছিল। অথচ তেওঁ জান্নাতৰ সুসংবাদপ্ৰাপ্ত ব্যক্তিসকলৰ মাজৰ অন্যতম এজন আছিল।

কিয়ামত আৰু কবৰৰ ভয়াৱহতাৰ কথা স্মৰণ কৰি কান্দাটো চৰীয়তসন্মত।

কবৰৰ নিয়ামত আৰু শাস্তি প্ৰমাণিত।

কবৰৰ শাস্তিৰ পৰা সতৰ্ক কৰা হৈছে।

সম্পাদক

ছুনান তিৰমিজী (4/ 130) (2308).

ছুনান ইবনে মাজাহ (5/ 333) (4267).

অধিক (6)

مشكاة المصابيح.

للتبريزي (1/ 48).

تحفة الأحوذي بشرح جامع الترمذي.

المباركفوري (6/ 490).

مرقاة المفاتيح شرح مشكاة المصابيح.

لعلي القاري (1/ 215).