প্ৰাক-বীৰ্যপাত তৰল পদাৰ্থ সঘনাই নিৰ্গত হোৱা বেমাৰত মই আক্ৰান্ত আছিলোঁ। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জোঁৱাই হোৱাৰ কাৰণে বিষয়টো সম্পৰ্কে তেখেতক সুধিবলৈ লাজ কৰিছিলোঁ। সেয়ে মই মিক্বদাদ ইবনুল আছৱাদক এই বিষয়ে সুধিবলৈ ক'লোঁ, তেওঁ সোধাত তেখেতে ক'লেঃ "এনেকুৱা ব্যক্তিয়ে নিজৰ লজ্জাস্থান ধুই লব আৰু অজু কৰিব লাগিব।
আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
প্ৰাক-বীৰ্যপাত তৰল পদাৰ্থ সঘনাই নিৰ্গত হোৱা বেমাৰত মই আক্ৰান্ত আছিলোঁ। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জোঁৱাই হোৱাৰ কাৰণে বিষয়টো সম্পৰ্কে তেখেতক সুধিবলৈ লাজ কৰিছিলোঁ। সেয়ে মই মিক্বদাদ ইবনুল আছৱাদক এই বিষয়ে সুধিবলৈ ক'লোঁ, তেওঁ সোধাত তেখেতে ক'লেঃ "এনেকুৱা ব্যক্তিয়ে নিজৰ লজ্জাস্থান ধুই লব আৰু অজু কৰিব লাগিব।" বুখাৰীত এনেকৈ আছে যে, "অজু কৰা আৰু লজ্জাস্থান ধুই লবা।"
كُنْتُ رَجُلًا مَذَّاءً وَكُنْتُ أَسْتَحْيِي أَنْ أَسْأَلَ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ لِمَكَانِ ابْنَتِهِ فَأَمَرْتُ الْمِقْدَادَ بْنَ الْأَسْوَدِ فَسَأَلَهُ فَقَالَ: «يَغْسِلُ ذَكَرَهُ وَيَتَوَضَّأُ». وَلِلبُخَاريِّ: فَقَالَ: «تَوَضَّأْ وَاغْسِلْ ذَكَرَكَ».
হাদীছটোত আলী ৰাদ্বিয়াল্লাহু আনহুৱে সংবাদ দিছে যে, তেওঁৰ বেছিভাগ সময়তে মজী নিৰ্গত হৈছিল। মজী হৈছে এক প্ৰকাৰ তৰল আঠা জাতীয় বগা পদাৰ্থ, যিটো সাধাৰণতে স্ত্ৰী সম্ভোগৰ পূৰ্বে বা কামনা-বাসনামূলক কাৰ্য্যৰ সময়ত লজ্জাস্থানৰ পৰা ওলায়। এই পদাৰ্থ ওলালে কি কৰিব লাগে সেই বিষয়ে তেওঁ অৱগত নাছিল। কিন্তু এই বিষয়ে তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিবলৈও টান পাইছিল। কাৰণ তেওঁ আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কন্যা ফাতিমা ৰাদ্বিয়াল্লাহু আনহাৰ স্বামী। সেয়ে তেওঁ মিক্বদাদ ইবনুল আছৱাদ ৰাদ্বিয়াল্লাহু আনহুক ক'লে যে, তেওঁ যেন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বিষয়টো জানি আহে। ইয়াৰ উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, এনেকুৱা ব্যক্তিয়ে নিজৰ লজ্জাস্থান ভালকৈ ধুই লব, তাৰ পিছত অজু কৰিব লাগিব।
...:
হাদীছটোৰ দ্বাৰা আলী ৰাদ্বিয়াল্লাহু আনহুৰ ফজিলত বৰ্ণিত হৈছে। কাৰণ শ্বাৰয়ী বিধান জানিবলৈ হায়াও তেওঁক বাধা দিব পৰা নাই, আনৰ মাধ্যমত হ'লেও সঠিক বিধান জনাৰ প্ৰয়াস কৰিছে।
ফতোৱা সুধিবলৈ আনক প্ৰতিনিধি নিযুক্ত কৰা বৈধ।
প্ৰয়োজনত নিজৰ সেইবোৰ বিষয়ো আনৰ সৈতে ভাগবতৰা কৰা বৈধ, যিবোৰ কথা ক'বলৈ লাজ লাগে।
মজী নাপাক, সেয়ে কাপোৰত বা শৰীৰত লাগিলে ধোৱা ওৱাজিব।
মজী ওলালে অজু ভংগ হয়।
লজ্জাস্থানৰ লগতে অণ্ডকোশ ধোৱাটোও অনিবাৰ্য। এই বিষয়ে আন এটা হাদীছত উল্লেখ হৈছে।
ছহীহ বুখাৰী (1/ 62) (269).
ছহীহ মুছলিম (1/ 247) (303).
অধিক (6)
الإلمام بشرح عمدة الأحكام.
لإسماعيل الأنصاري (1/ 39).
تيسير العلام شرح عمدة الأحكام.
للبسام (ص53).
خلاصة الكلام شرح عمدة الأحكام.
لفيصل آل مبارك (ص29).