Skip to content

কোৰআনৰ হাফিজৰ উদাহৰণ হৈছে ৰছীৰে বান্ধি থোৱা উটৰ মালিকৰ দৰে। যদি তেওঁ ভালকৈ ইয়াৰ চোৱাচিতা কৰে, তেন্তে তেওঁ ইয়াক সুৰক্ষিত ৰাখিবলৈ সক্ষম হ'ব। আনহাতে যদি ইয়াক এৰি দিয়ে তেন্তে পলাই গুচি যাব।

ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"কোৰআনৰ হাফিজৰ উদাহৰণ হৈছে ৰছীৰে বান্ধি থোৱা উটৰ মালিকৰ দৰে। যদি তেওঁ ভালকৈ ইয়াৰ চোৱাচিতা কৰে, তেন্তে তেওঁ ইয়াক সুৰক্ষিত ৰাখিবলৈ সক্ষম হ'ব। আনহাতে যদি ইয়াক এৰি দিয়ে তেন্তে পলাই গুচি যাব।"

«إِنَّمَا مَثَلُ صَاحِبِ القُرْآنِ كَمَثَلِ صَاحِبِ الإِبِلِ المُعَقَّلَةِ، إِنْ عَاهَدَ عَلَيْهَا أَمْسَكَهَا، وَإِنْ أَطْلَقَهَا ذَهَبَتْ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

যিয়ে নিয়মিত কোৰআন তিলাৱত কৰে, চাই চাই হওক বা মুখস্থ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই ব্যক্তিৰ উদাহৰণ দিছে উটৰ গৰাকীৰ সৈতে, যিয়ে উটক ৰছীৰে মজবুতকৈ বান্ধি ৰাখে। তেওঁ যেতিয়ালৈকে উটক লেকাম লগাই বান্ধি ৰাখিব, তেতিয়ালৈকে উট তেওঁৰ আয়ত্তত থাকিব। আনহাতে যেতিয়াই লেকামহীন হৈ পৰিব তেতিয়া সেই উট পলায়ন কৰিব তথা গুচি যাব। ঠিক সেইদৰে কোৰআনৰ হাফিজে যেতিয়ালৈকে কোৰআন নিয়মিতভাৱে তিলাৱত কৰিব তেতিয়ালৈকে মনত থাকিব। নিয়মিত তিলাৱত নকৰিলেই পাহৰি যাব। সেয়ে কোৰআনৰ সৈতে সম্পৰ্ক যিমান সুদৃঢ় হ'ব, তাৰ মুখস্থ সিমানেই থাকিব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

কোৰআনৰ সৈতে সুসম্পৰ্ক ৰাখিবলৈ আৰু নিয়মিত তিলাৱত কৰিবলৈ উৎসাহিত কৰা হৈছে। কোৰআনক উপেক্ষা কৰি পাহৰি যোৱাৰ পৰা সতৰ্ক কৰা হৈছে।

নিয়মিত কোৰআন তিলাৱত কৰিলে, জিভা পাতল হয়, তিলাৱত কৰা সহজ হয়। কিন্তু তিলাৱত পৰিত্যাগ কৰিলে জিভা গধুৰ হয় আৰু তিলাৱত কৰা কঠিন হৈ পৰে।

ক্বাজীয়ে কৈছেঃ (صاحب القرآن কোৰআনৰ সংগী)ৰ দ্বাৰা সেই ব্যক্তিক বুজোৱা হৈছে, যিয়ে কোৰআনৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিছে। সংগী কোৱা হয় সেই ব্যক্তিক যাৰ সৈতে দৃঢ় সম্পৰ্ক থাকে, যেনেঃ অমুক ব্যক্তি হৈছে অমুকৰ সংগী। এইদৰে জান্নাতৰ অধিবাসী আৰু জাহান্নামৰ অধিবাসী।

দাৱাতৰ অন্যতম এটা উপকৰণ হৈছে, উপমা উদাহৰণৰ দ্বাৰা বুজাই দিয়া।

ইবনু হাজাৰে কৈছেঃ বিশেষকৈ উটৰ কথা উল্লেখ কৰাৰ কাৰণ হৈছে, ঘৰচীয়া জন্তুবোৰৰ মাজত উট হৈছে এনেকুৱা এটা প্ৰাণী যিয়ে অধিক আতংকিত হয়। উট কেতিয়াবা আতংকিত হৈ পলায়ন কৰিলে ইয়াক ধৰাটো বৰ কঠিন হৈ পৰে।

সম্পাদক

ছহীহ বুখাৰী (6/ 193) (5031).

ছহীহ মুছলিম (1/ 543) (789).

অধিক (6)

شرح صحيح مسلم.

للنووي (6/ 77).

فيض القدير شرح الجامع الصغير.

لعبدالرؤوف المناوي (3/ 3).

كنوز رياض الصالحين.

لمجموعة من الباحثين (13/ 12).