Skip to content

মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰিলোঁ যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ঘৰত প্ৰৱেশ কৰিছিল তেতিয়া তেখেতে কোনটো আমল প্ৰথমে কৰিছিল? তেওঁ কৈছেঃ তেখেতে প্ৰথমে মিছৱাক কৰিছিল।

শ্বুৰাইহ বিন হানীৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰিলোঁ যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ঘৰত প্ৰৱেশ কৰিছিল তেতিয়া তেখেতে কোনটো আমল প্ৰথমে কৰিছিল? তেওঁ কৈছেঃ তেখেতে প্ৰথমে মিছৱাক কৰিছিল।

سَأَلْتُ عَائِشَةَ، قُلْتُ: بِأَيِّ شَيْءٍ كَانَ يَبْدَأُ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ إِذَا دَخَلَ بَيْتَهُ؟ قَالَتْ: بِالسِّوَاكِ.

(মুছলিম)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এইটো আদৰ্শ আছিল যে, তেখেতে যেতিয়া ঘৰত প্ৰৱেশ কৰিছিল, দিনতে হওক অথবা ৰাতিত, তেতিয়া তেখেতে প্ৰথমে মিছৱাক কৰিছিল।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

সকলো সময়তে মিছৱাক কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে। চৰীয়তে বিশেষভাৱে গুৰুত্ব দিয়া কেইটামান সময় হৈছেঃ ঘৰত প্ৰৱেশ কৰাৰ সময়ত, নামাজৰ সময়ত, অজু কৰাৰ সময়ত, টোপনিৰ পৰা উঠাৰ পিছত, মুখৰ গোন্ধ পৰিবৰ্তন হ'লে।

তাবেয়ীনসকল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অৱস্থা আৰু তেখেতৰ ছুন্নত সম্পৰ্কে জানিবলৈ খুবেই আগ্ৰহী আছিল, সেয়ে তেওঁলোকে সেইমতে আমল কৰিবলৈ এইবোৰ বিষয়ত প্ৰশ্ন কৰিছিল।

জ্ঞান সেইসকল লোকৰ পৰা অৰ্জন কৰা উচিত, যিসকল এই ক্ষেত্ৰত বিশেষজ্ঞ তথা অধিক জ্ঞানী। সেয়ে তেওঁ আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰিছিল যে, তেখেতে ঘৰত প্ৰৱেশ কৰাৰ সময়ত তেখেতৰ অৱস্থা কি আছিল।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পৰিয়ালৰ লোকৰ সৈতে সৰ্বোত্তম ব্যৱহাৰ কৰিছিল। সেয়ে তেখেতে ঘৰত প্ৰৱেশ কৰাৰ সময়ত প্ৰথমে মুখ পৰিষ্কাৰ কৰিছিল।

সম্পাদক

ছহীহ মুছলিম (1/ 220) (253).

অধিক (6)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (2/ 341).

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (2/ 851).

المنهاج شرح صحيح مسلم بن الحجاج.

النووي (3/ 144).