নবী চাল্লাল্লাহু আলাইহি অছাল্লাম মিম্বৰৰ ওপৰত আছিল সেই সময়ত এজন ব্যক্তিয়ে প্ৰশ্ন কৰিলে যে, আপোনাৰ মতে তাহাজ্জুদ নামাজ কেনেকৈ পঢ়িব লাগে? তেখেতে ক'লেঃ "দুই দুই ৰাকাতকৈ।
আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম মিম্বৰৰ ওপৰত আছিল সেই সময়ত এজন ব্যক্তিয়ে প্ৰশ্ন কৰিলে যে, আপোনাৰ মতে তাহাজ্জুদ নামাজ কেনেকৈ পঢ়িব লাগে? তেখেতে ক'লেঃ "দুই দুই ৰাকাতকৈ। যদি প্ৰভাত হোৱাৰ আশংকা হয় তেন্তে এক ৰাকাত পঢ়ি ল'বা। ইয়াৰ ফলত পূৰ্বৱৰ্তী নামাজ ৱিতিৰ হৈ যাব।" (নাফে কৈছেঃ) ইবনে ওমৰে কৈছিলঃ "তোমালোকে ৱিতিৰক ৰাতিৰ শেষ নামাজ হিচাপে আদায় কৰিবা।" কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইটোৱে নিৰ্দেশ দিছিল।
سَأَلَ رَجُلٌ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَهُوَ عَلَى المِنْبَرِ، مَا تَرَى فِي صَلاَةِ اللَّيْلِ، قَالَ: «مَثْنَى مَثْنَى، فَإِذَا خَشِيَ الصُّبْحَ صَلَّى وَاحِدَةً، فَأَوْتَرَتْ لَهُ مَا صَلَّى» وَإِنَّهُ كَانَ يَقُولُ: «اجْعَلُوا آخِرَ صَلاَتِكُمْ وِتْرًا» فَإِنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَمَرَ بِهِ.
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মিম্বৰত থিয় হৈ খুতবা দি আছিল, সেই সময়তে এজনে প্ৰশ্ন কৰিলে যে, হে আল্লাহৰ ৰাছুল! তাহাজ্জুদ কেনেকৈ পঢ়িব লাগে মোক শিকাই দিয়ক? তেতিয়া তেখেতে ক'লেঃ প্ৰত্যেক দুই ৰাকাতৰ শেষত ছালাম ফিৰাবা। যদি প্ৰভাত হোৱাৰ আশংকা হয় তেন্তে অতিৰিক্ত এক ৰাকাত আদায় কৰিবা, যাতে এইটো ৱিতিৰ হৈ যায়। এইদৰে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে উপদেশ দিছিল যে, তোমালোকে ৱিতিৰক ৰাতিৰ একেবাৰে শেষৰ নামাজ হিচাপে আদায় কৰিবা।
ৱিতিৰ নামাজৰ বিপৰীতে ৰাতিৰ নামাজৰ মূল হৈছে প্ৰত্যেক দুই ৰাকাতৰ পিছত ছালাম ফিৰোৱা।
ৰাতিৰ নামাজ কোনো নিৰ্দিষ্ট সংখ্যাত সীমাবদ্ধ নহয়। কাৰণ হাদীছৰ শব্দবোৰ ব্যাপকভাৱে উল্লেখ হৈছে।
নাৱাৱীয়ে কৈছেঃ ৰাতি আৰু দিনৰ নামাজ হৈছে দুই দুই ৰাকাত। এই হাদীছটো উত্তম পদ্ধতি ব্যাখ্যা কৰাৰ ক্ষেত্ৰত কোৱা হৈছে যে, উত্তম হৈছে প্ৰত্যেক দুই ৰাকাতৰ পিছত ছালাম ফিৰোৱা। ৰাতিৰ নফল নামাজ হওক অথবা দিনৰ নফল নামাজ, প্ৰত্যেক দুই ৰাকাতৰ পিছত ছালাম ফিৰোৱাটো হৈছে মুস্তাহাব।
ইমাম নাৱাৱীয়ে কৈছেঃ ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, ৱিতিৰক একেবাৰে ৰাতিৰ নামাজৰ শেষত আদায় কৰাটো ছুন্নত। ৱিতিৰৰ শেষ সময় হৈছে ফজৰৰ সময় হোৱালৈকে। এইটোৱে আমাৰ মজহবৰ প্ৰসিদ্ধ মত। অধিকাংশ উলামাসকলেও এই মতটোৱে পোষণ কৰিছে।
ছহীহ বুখাৰী (1/ 102) (472).
ছহীহ মুছলিম (1/ 517) (751).
অধিক (8)
إرشاد الساري لشرح صحيح البخاري.
لابن حجر(1/ 456).
توضيح الأحكام مِن بلوغ المرام.
لعبد الله البسام (2/ 394).
فتح ذي الجلال والإكرام شرح بلوغ المرام.
لابن عثيمين (2/ 233).
تيسير العلام شرح عمدة الأحكام.
لعبد الله البسام (ص217).