Skip to content

আদম সন্তানৰ যদি সোণে ভৰা দুখন উপত্যকাও থাকে, তথাপিও সি তৃতীয় আন এটা উপত্যকা কামনা কৰিব।

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

"আদম সন্তানৰ যদি সোণে ভৰা দুখন উপত্যকাও থাকে, তথাপিও সি তৃতীয় আন এটা উপত্যকা কামনা কৰিব। আদম সন্তানৰ পেট কেৱল মাটিয়েহে পূৰণ কৰিব পাৰিব। কিন্তু যিয়ে আল্লাহৰ ওচৰত তাওবা কৰে, আল্লাহে তাৰ তাওবা কবূল কৰে।"

«لَوْ كَانَ لِابْنِ آدَمَ وَادِيَانِ مِنْ مَالٍ لَابْتَغَى وَادِيًا ثَالِثًا، وَلَا يَمْلَأُ جَوْفَ ابْنِ آدَمَ إِلَّا التُّرَابُ، وَيَتُوبُ اللهُ عَلَى مَنْ تَابَ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কৈছে, যদি আদম সন্তানে সোণেৰে ভৰা এখন উপত্যকা লাভ কৰে, তথাপিও তাৰ স্বাভাৱিক লোভ-লালসাৰ বাবে সি আকৌ দুখন উপত্যকা বিচাৰিব। পৃথিৱীৰ প্ৰতি তাৰ এই লোভ লালসা মৃত্যু নোহোৱালৈকে থাকিব। অৱশেষত কবৰত মাটিয়েই তাৰ পেট পূৰ্ণ কৰিব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ধন-সম্পত্তি আৰু অন্যান্য পাৰ্থিৱ ভোগ সামগ্ৰী সঞ্চয়ৰ ক্ষেত্ৰত মানুহ সদায় আগ্ৰহী।

ইমাম নাৱাৱীয়ে কৈছেঃ হাদীছটোত দুনিয়াৰ প্ৰতি লোভ-লালসা, পাৰ্থিৱ সম্পদ সঞ্চয় কৰা আৰু ইয়াৰ প্ৰতি আশা-আকাংখা পোষণ কৰাক নিন্দা কৰা হৈছে।

যিসকলে নিন্দনীয় স্বভাৱৰ পৰা তাওবা কৰে, আল্লাহে তেওঁলোকৰ তাওবা কবূল কৰে।

নাৱাৱীয়ে কৈছেঃ অধিকাংশ আদম সন্তানৰ দুনিয়াৰ প্ৰতি থকা লোভৰ প্ৰতি ভিত্তি কৰি এই হাদীছটো কোৱা হৈছে। এই কথাক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই বানীয়েও সমৰ্থন কৰে। "আৰু যিয়ে আল্লাহৰ ওচৰত তাওবা কৰে, আল্লাহে তাৰ তাওবা কবূল কৰে।"

সম্পাদক

ছহীহ বুখাৰী (8/ 93) (6439).

ছহীহ মুছলিম (2/ 725) (1048).

(1/ 148).

অধিক (5)

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (1/ 54).

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 76).

المعجم الوسيط.