Skip to content

তোমালোকে আলিমসকলৰ ওপৰত বাহাদুৰি দেখুৱাবলৈ, নিৰ্বোধসকলৰ সৈতে বিতৰ্ক কৰিবলৈ

জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

তোমালোকে আলিমসকলৰ ওপৰত বাহাদুৰি দেখুৱাবলৈ, নিৰ্বোধসকলৰ সৈতে বিতৰ্ক কৰিবলৈ আৰু জনসভাত নিজকে ডাঙৰ বুলি প্ৰকাশ কৰিবলৈ ধৰ্মীয় জ্ঞান অৰ্জন নকৰিবা। যিয়ে এনেকুৱা কৰিব তাৰ বাবে আছে অগ্নি আৰু অগ্নি।

«لَا تَعَلَّمُوا الْعِلْمَ لِتُبَاهُوا بِهِ الْعُلَمَاءَ، وَلَا لِتُمَارُوا بِهِ السُّفَهَاءَ، وَلَا تَخَيَّرُوا بِهِ الْمَجَالِسَ، فَمَنْ فَعَلَ ذَلِكَ، فَالنَّارُ النَّارُ».

(ইবনে মাজাহ)
ছহীহ
ব্যাখ্যা

আলিমসকলৰ ওপৰত অহংকাৰ কৰাৰ উদ্দেশ্য জ্ঞান অৰ্জন কৰিবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সতৰ্ক কৰিছে। এইটো প্ৰকাশ কৰিবলৈ যে, ময়ো আপোনালোকৰ দৰেই এজন জ্ঞানী। অথবা এই উদ্দেশ্যে জ্ঞান অৰ্জন কৰা যে, যাতে নিৰ্বোধ অশিক্ষিত দুৰ্বল বিবেক থকা লোকৰ সৈতে বিতৰ্ক কৰি জিকিব পাৰে। নাইবা এই উদ্দেশ্যে জ্ঞান অৰ্জন কৰা যে, ইয়াৰ দ্বাৰা জনসভাত প্ৰাধান্য লাভ কৰিব তথা অন্যান্য লোকক পিচ পেলাব। যি ব্যক্তিয়ে এই উদ্দেশ্যত জ্ঞান অৰ্জন কৰিব, সি জাহান্নামী হ'ব। কাৰণ সি লোকক দেখুৱাবলৈ আমল কৰিছে, তাৰ আমলত ইখলাচ নাই, সি আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে জ্ঞান অৰ্জন কৰা নাই।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

যি ব্যক্তিয়ে গৌৰৱ অৰ্জন কৰিবলৈ নাইবা বিতৰ্ক কৰিবলৈ অথবা নিজকে ডাঙৰ বুলি প্ৰকাশ কৰিবলৈ জ্ঞান অৰ্জন কৰে, সেই ব্যক্তিক জাহান্নামৰ সতৰ্কবাণী দিয়া হৈছে।

ছাত্ৰ আৰু শিক্ষক উভয়ৰ বাবেই নিৰ্ভেজাল তথা সঠিক নিয়্যত পোষণ কৰা খুবেই গুৰুত্বপূৰ্ণ।

নিয়্যতেই হৈছে আমলৰ মূল ভিত্তি, নিয়্যত অনুপাতেই আমলৰ প্ৰতিদান দিয়া হ'ব।

সম্পাদক

ছুনান ইবনে মাজাহ (1/ 170) (254).

অধিক (2)

مرشد ذوي الحجا والحاجة (2/378).

مشارق الأنوار الوهاجة ومطالع الأسرار البهاجة في شرح سنن الإمام ابن ماجه (4/ 482).