Skip to content

البراء بن مالك بن النضر بن ضمضم

الإسم

আল-বাৰা ইবনে মালিক বিন নজৰ বিন দ্বমদ্বম

اسم الشهرة

আল-বাৰা বিন মালিক ৰাদ্বিয়াল্লাহু আনহু

نبذة مختصرة

বাৰা ইবনে মালিক ইবনে নজৰ ইবনে দ্বমদ্বম আছিল এজন সম্মানিত চাহাবী, বিদগ্ধ পণ্ডিত আৰু অত্যন্ত সাহসী বীৰ। তেওঁ মুখামুখি যুদ্ধত এশজন মুশ্বৰিকক হত্যা কৰিছিল। যিসকলে তাত (পৰোক্ষভাৱে) অংশগ্ৰহণ কৰিছে সিহঁতৰ বাহিৰে। ইয়ামামাৰ দিনাখন মুছলিমসকলে মুশ্বৰিকসকলৰ ফালে সেনাদল লৈ আগুৱাই গৈ সিহঁতক এটা বাগানৰ মাজত আশ্ৰয় লবলৈ বাধ্য কৰোৱাইছিল, তেতিয়া সিহঁতৰ মাজত আল্লাহৰ শত্ৰু মুছাইলামাও আছিল। তেতিয়া বাৰা ৰাদ্বিয়াল্লাহু আনহুৱে কৈছিল: হে মুছলিমসকল! মোক সিহঁতৰ মাজলৈ নিক্ষেপ কৰক। ফলত তেওঁক কেইজনমানে বহন কৰি প্ৰাচীৰৰ ওপৰত উঠাত সহায় কৰিলে, তাৰ পিছত তেওঁ জপিয়াই সিহঁতৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিলে। অৱশেষত আল্লাহে মুছলিমসকলক বিজয় দান কৰিলে, আৰু মুছলিমসকল সিহঁতৰ ওপৰত প্ৰৱেশ কৰিলে, তথা আল্লাহে মুছাইলামাক ধ্বংস কৰিলে। এই মহান চাহাবীজন ২০ হিজৰীত মৃত্যুবৰণ কৰিছে।

المراجع

অধিক (1)
معرفة الصحابة (1/380) الاستيعاب (1/109) أسد الغابة (1/363) الإصابة في تمييز الصحابة (1/412) الأعلام للزركلي (2/ 47)