Skip to content

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া শৌচালয়ত প্ৰৱেশ কৰিছিল, তেতিয়া মই আৰু মোৰ দৰে এজন ল'ৰাই পানীৰ পাত্ৰ এটা দাঙি লৈ গৈছিলোঁ আৰু এটা আনাঝাহ লৈ গৈছিলোঁ, (এনেকুৱা লাঠি যিটোৰ মূৰত লোহা লগোৱা থাকে)। তেখেতে সেই পানীৰে ইস্তিঞ্জা কৰিছিল।

আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া শৌচালয়ত প্ৰৱেশ কৰিছিল, তেতিয়া মই আৰু মোৰ দৰে এজন ল'ৰাই পানীৰ পাত্ৰ এটা দাঙি লৈ গৈছিলোঁ আৰু এটা আনাঝাহ লৈ গৈছিলোঁ, (এনেকুৱা লাঠি যিটোৰ মূৰত লোহা লগোৱা থাকে)। তেখেতে সেই পানীৰে ইস্তিঞ্জা কৰিছিল।

كَانَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَدْخُلُ الْخَلَاءَ، فَأَحْمِلُ أَنَا وَغُلَامٌ نَحْوِي إِدَاوَةً مِنْ مَاءٍ وَعَنَزَةً فَيَسْتَنْجِي بِالْمَاءِ.

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মল ত্যাগৰ উদ্দেশ্যে ওলাইছিল, তেতিয়া মই আৰু মোৰ সমনীয়া এজন খাদিমে তেখেতৰ সৈতে গৈছিলোঁ। তেওঁলোকে লগত এটা বৰ্শাৰ দৰে লাঠি লৈ গৈছিল, যাতে সেইটোক তেখেতে ছুতৰাৰ বাবে পুতি সেইটোৰ ওপৰত পৰ্দা আঁৰি দিব পাৰে অথবা এইটোক নামাজৰ ছুতৰা হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। তেওঁলোকে নিজৰ সৈতে পানী ভৰ্তি এটা চামড়াৰ পাত্ৰ বহন কৰিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মল ত্যাগ কৰাৰ পিছত এজনে সেই পাত্ৰটো তেখেতলৈ আগুৱাই দিছিল, আৰু তেখেতে সেই পানীৰে ইস্তিঞ্জা কৰিছিল।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

প্ৰতিজন মুছলিমে নিজৰ প্ৰাকৃতিক প্ৰয়োজন পূৰণ কৰাৰ সময়ত পৱিত্ৰতা অৰ্জনৰ বস্তুবোৰ সংগ্ৰহ কৰা উচিত। যাতে তেওঁ থিয় হ'বলগীয়া নহয়, কাৰণ ইয়াৰ ফলত তেওঁৰ শৰীৰ লেতেৰা হ'ব পাৰে।

প্ৰস্ৰাৱ-পায়খানা কৰাৰ সময়ত গোপনাংগ এনেকৈ সংৰক্ষণ কৰা, যাতে কাৰো চকুত নপৰে। কাৰণ গোপনাংগৰ প্ৰতি দৃষ্টিপাত কৰা হাৰাম। সেয়ে তেখেতে লাঠি মাটিত পুতি সেইটোত কাপোৰ আঁৰি পৰ্দা কৰিছিল।

শিশুসকলক ইছলামী নিয়ম-নীতি শিকাব লাগে আৰু তেওঁলোকক উত্তমৰূপে লালন-পালন কৰিব লাগে। যাতে তেওঁলোকে সঠিক শিক্ষা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিব পাৰে।

সম্পাদক

ছহীহ বুখাৰী (1/ 42) (152).

ছহীহ মুছলিম (1/ 227) (271).

অধিক (6)

تيسير العلام شرح عمدة الأحكام.

لعبد الله البسام (ص40).

تنبيه الأفهام شرح عمدة الأحكام.

لابن عثيمين (1/ 43).

الإفهام في شرح عمدة الأحكام.

لابن باز (ص84).