Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 103 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (52)
"যেতিয়া তোমালোকে আজান শুনিবা, তেতিয়া সেইদৰেই ক'বা যিদৰে মুআজ্জিনে কয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ সময়ত তেখেতৰ সাধাৰণ অচিয়ত আছিল এই যে, "নামাজ আদায় কৰিবা আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীৰ সৈতে সদ্ব্যৱহাৰ কৰিবা। নামাজ আদায় কৰিবা আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীৰ সৈতে সদ্ব্যৱহাৰ কৰিবা।" অৱশেষত তেখেতৰ শ্বাসকষ্ট আৰম্ভ হৈছিল, আৰু বাৰে বাৰে এই কথা কৈ আছিল, এটা সময়ত তেখেতৰ জিভা গোট খাই যোৱাৰ উপক্ৰম হৈছিল।"
ছহীহ رواه النسائي في السنن الكبرى وابن ماجه
"যি ব্যক্তিয়ে প্ৰতিটো নামাজৰ পিছত ৩৩ বাৰ ছুবহানাল্লাহ পাঠ কৰিব, আৰু ৩৩ বাৰ আলহাম্দুলিল্লাহ পাঠ কৰিব আৰু ৩৩ বাৰ আল্লাহু আকবাৰ পাঠ কৰিব, এয়া মুঠ হৈছে ৯৯ বাৰ, এইদৰে এশ সম্পূৰ্ণ কৰিবলৈ যিয়ে পাঠ কৰিবঃ লা ইলা-হা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, ওৱা হুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। অৰ্থঃ (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব একমাত্ৰ তেওঁৰেই, সকলো ধৰণৰ প্ৰশংসাও তেওঁৰেই, আৰু তেওঁ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান।) তেন্তে তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ'ব, যদিও তাৰ গুনাহ সাগৰৰ ফেনৰ সমান হয়।"
ছহীহ (মুছলিম)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিক জামাআতৰ শাৰীৰ পিছফালে অকলশৰীয়াকৈ থিয় হৈ নামাজ পঢ়া দেখি, তাক পুনৰ নামাজ পঢ়িবলৈ নিৰ্দেশ দিলে।
হাছান (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ দুই ৰাকাত ছুন্নত নামাজত (ক্বুল ইয়া আয়্যুহাল কাফিৰূন) আৰু (ক্বুল হুৱাল্লাহু আহাদ) পাঠ কৰিছিল।
ছহীহ (মুছলিম)
মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দহ ৰাকাত নামাজৰ বিষয়ে মোৰ স্মৃতিত সংৰক্ষণ কৰি ৰাখিছোঁ. দুই ৰাকাত জোহৰৰ পূৰ্বে আৰু দুই ৰাকাত জোহৰৰ পিছত, মাগৰিবৰ পিছত ঘৰত দুই ৰাকাত আৰু ঈশ্বাৰ পিছত ঘৰত দুই ৰাকাত, আৰু ফজৰৰ পূৰ্বে দুই ৰাকাত, এইটো হৈছে এনেকুৱা সময় যিটো সময়ত তেখেতৰ ওচৰলৈ কোনো যোৱা নাছিল, কিন্তু মোক হাফচা (ৰাদ্বিয়াল্লাহু আনহাই) জনাইছে যে, ফজৰ উদয় হোৱাৰ পিছত মুআজ্জিনে যেতিয়া আজান দিছিল তেতিয়া তেখেতে দুই ৰাকাত নামাজ পঢ়িছিল। আন এটা বৰ্ণনাত আছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জুমুআৰ পিছত দুই ৰাকাত পঢ়িছিল।
ছহীহ (ইয়াৰ সকলো ৰিৱায়াত মুত্তাফাক আলাইহ)
"হে বিলাল! নামাজৰ ইক্বামত দিয়া, আৰু ইয়াৰ দ্বাৰা আমাক আৰাম প্ৰদান কৰা।"
ছহীহ (আবু দাঊদ)
তোমালোকৰ মাজৰ কোনোবাই যেতিয়া মছজিদত প্ৰৱেশ কৰে তেতিয়া তেওঁ এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মাফ তাহলী আবৱাবা ৰাহমাতিক", (অৰ্থঃ হে আল্লাহ! মোৰ বাবে তোমাৰ ৰহমতৰ দুৱাৰসমূহ খুলি দিয়া), আৰু ওলোৱাৰ সময়ত এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মা ইন্নি আছআলুকা মিন ফাজলিক", (অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ কামনা কৰোঁ)।
ছহীহ (মুছলিম)