তোমালোকৰ মাজৰ কোনোবাই যেতিয়া মছজিদত প্ৰৱেশ কৰে তেতিয়া তেওঁ এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মাফ তাহলী আবৱাবা ৰাহমাতিক", (অৰ্থঃ হে আল্লাহ! মোৰ বাবে তোমাৰ ৰহমতৰ দুৱাৰসমূহ খুলি দিয়া), আৰু ওলোৱাৰ সময়ত এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মা ইন্নি আছআলুকা মিন ফাজলিক", (অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ কামনা কৰোঁ)।
আবু হুমাইদ অথবা আবু উছাইদৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
তোমালোকৰ মাজৰ কোনোবাই যেতিয়া মছজিদত প্ৰৱেশ কৰে তেতিয়া তেওঁ এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মাফ তাহলী আবৱাবা ৰাহমাতিক", (অৰ্থঃ হে আল্লাহ! মোৰ বাবে তোমাৰ ৰহমতৰ দুৱাৰসমূহ খুলি দিয়া), আৰু ওলোৱাৰ সময়ত এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মা ইন্নি আছআলুকা মিন ফাজলিক", (অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ কামনা কৰোঁ)।
«إِذَا دَخَلَ أَحَدُكُمُ الْمَسْجِدَ فَلْيَقُلِ: اللَّهُمَّ افْتَحْ لِي أَبْوَابَ رَحْمَتِكَ، وَإِذَا خَرَجَ فَلْيَقُلِ: اللَّهُمَّ إِنِّي أَسْأَلُكَ مِنْ فَضْلِكَ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ উম্মতীসকলক নিৰ্দেশনা দি কৈছে যে, মছজিদত প্ৰৱেশ কৰাৰ সময়ত এই দুআ পাঠ কৰা উচিত। ("আল্লাহুম্মাফ তাহলী আবৱাবা ৰাহমাতিক") অৰ্থাৎ আল্লাহৰ ওচৰত এই দুআ কৰা উচিত যে, যাতে আল্লাহে তাৰ বাবে ৰহমতৰ যাৱতীয় উপায় সহজ কৰি দিয়ে। আনহাতে ওলোৱাৰ সময়ত এই দুআ কোৱা উচিতঃ ("আল্লাহুম্মা ইন্নি আছআলুকা মিন ফাজলিক") অৰ্থাৎ আল্লাহৰ ওচৰত এই দুআ কৰা উচিত যাতে আল্লাহে আৰু অধিক হালাল জীৱিকা প্ৰদান কৰি এহছান কৰে।
মছজিদত প্ৰৱেশ কৰাৰ সময়ত আৰু ওলোৱাৰ সময়ত এই দুআ পাঠ কৰা মুস্তাহাব।
প্ৰৱেশৰ সময়ত ৰহমত আৰু ওলোৱাৰ সময়ত অনুগ্ৰহ কামনা এই কাৰণে কৰা হৈছে যে, ভিতৰত আল্লাহৰ নৈকট্য আৰু তেওঁৰ জান্নাত সম্পৰ্কীয় বিষয়তে ব্যস্ত থকা হয়, গতিকে ইয়াত ৰহমত বিচৰাটোৱে অধিক উপযুক্ত। আনহাতে ওলোৱাৰ পিছত পাৰ্থিৱ বিষয়ত মেহনত কৰা হয় তথা আল্লাহৰ ফজল আৰু জীৱিকা সন্ধান কৰে, সেয়ে ইয়াত আল্লাহৰ ফজল তথা অনুগ্ৰহ কামনা কৰা উচিত।
এইবোৰ দুআ মছজিদত প্ৰৱেশ কৰাৰ সময়ত আৰু ওলোৱাৰ সময়ত পঢ়িব লাগে।
ছহীহ মুছলিম (1/ 494) (713).
অধিক (3)
الكاشف عن حقائق السُّنن (3/935).
فيض القدير (1/ 336).
ذخيرة العقبى (9/153).
গ্ৰন্থসমূহত উল্লেখিত
10 গ্ৰন্থসমূহ- হিচনুল মুছলিম (কোৰআন আৰু ছুন্নাহৰ পৰা সংগৃহীত কিছুমান আজকাৰ)حصن المسلمআল্লা-হুম্মা ইন্নি আছআলুকা মিন ফাজলিক৷
- মছজিদে নবৱীৰ ফজীলত আৰু নিয়ম-নীতি, লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ আৰু তেখেতৰ দুয়ো চাহাবা ৰাদ্বিয়াল্লাহু আনহুমাৰ কবৰ জিয়াৰতৰ বিধি-বিধানفضائل وآداب المسجد النبوي، وأحكام زيارة قبر النبي عليه الصلاة والسلام وقبري صاحبيه"আল্লা-হুম্মা ইন্নী আছআলুকা মিন ফাজলিক।"[19] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰোঁ৷
অধিক (8)
- الذكر والدعاء والعلاج بالرقي من الكتاب والسنة"إذا دخل أحدكم المسجد فليقل: اللهم افتح لي أبواب رحمتك. وإذا خرج فليقل: اللهم إني أسألك من فضلك".
- المختصر في آداب السفر وصفة الحج والعمرة وآداب الزيارة والأدعية الجامعة مع ملحق بالفتاوى والمخالفات2- المختصر في صفة الحج وأحكامه (للحرمين)«اللَّهُمَّ افْتَحْ لِي أَبْوَابَ رَحْمَتِكَ»[2]،
- المختصر في صفة الحج وأحكامهالمختصر في صفة الحج والعمرة«اللَّهُمَّ افْتَحْ لِي أَبْوَابَ رَحْمَتِكَ»[2]،
- رسالة في الأذكار1«إِذَا دَخَلَ أَحَدُكُمُ المَسْجِدَ فَلْيَقُلِ: اللَّهُمَّ افْتَحْ لِي أَبْوَابَ رَحْمَتِكَ، وَإِذَا خَرَجَ فَلْيَقُلِ: اللَّهُمَّ إِنِّي أَسْأَلُكَ مِنْ فَضْلِكَ».
- ما لا يسع أطفال المسلمين جهله«اللَّهُمَّ إِنِّي أَسْأَلُكَ مِنْ فَضْلِكَ»[150].
- ما لا يسع أطفال المسلمين جهلهج: «اللَّهُمَّ افْتَحْ لِي أَبْوَابَ رَحْمَتِكَ»[221].
- ما لا يسع أطفال المسلمين جهلهج: «اللَّهُمَّ إِنِّي أَسْأَلُكَ مِنْ فَضْلِكَ»[222].
- مجموعة زاد التربية الإسلامية (3)، والسيرة النبوية (3)التربية الإٍسلامية -3- «اللهم إني أسألك من فضلك»