যিয়ে জোহৰৰ পূৰ্বে চাৰি ৰাকাত আৰু ইয়াৰ পিছত চাৰি ৰাকাত নামাজ নিয়মিতভাৱে আদায় কৰিব, তাৰ বাবে আল্লাহে জাহান্নাম হাৰাম কৰি দিব।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী উম্মে হাবীবাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ
"যিয়ে জোহৰৰ পূৰ্বে চাৰি ৰাকাত আৰু ইয়াৰ পিছত চাৰি ৰাকাত নামাজ নিয়মিতভাৱে আদায় কৰিব, তাৰ বাবে আল্লাহে জাহান্নাম হাৰাম কৰি দিব।"
«مَنْ حَافَظَ عَلَى أَرْبَعِ رَكَعَاتٍ قَبْلَ الظُّهْرِ وَأَرْبَعٍ بَعْدَهَا حَرَّمَهُ اللَّهُ عَلَى النَّارِ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সুসংবাদ দিছে যে, যিয়ে জোহৰৰ পূৰ্বে চাৰি ৰাকাত আৰু ইয়াৰ পিছত চাৰি ৰাকাত নামাজ নিয়মিতভাৱে আদায় কৰিব, এনেকৈ নিয়মিত আমল কৰা ব্যক্তিৰ বাবে আল্লাহে জাহান্নাম কৰি দিছে।
জোহৰৰ পূৰ্বে চাৰি ৰাকাত আৰু জোহৰৰ পিছত চাৰি ৰাকাত নামাজ নিয়মিত আদায় কৰাটো পছন্দনীয়।
ফৰজ নামাজৰ আগত পঢ়া ছুন্নত ৰাকাতসমূহৰ (যাক ৰাৱাতিব ক্বাবলিয়া বোলা হয়) কেইবাটাও হিকমত আছে, তাৰে অন্যতম এটা হৈছে, মুচল্লীয়ে নিজৰ আত্মাক ইবাদতৰ বাবে প্ৰস্তুত কৰা, যাতে ফৰজ নামাজত সঠিকভাৱে প্ৰৱেশ কৰিব পাৰে। আনহাতে, ফৰজৰ পাছত পঢ়া ছুন্নতসমূহৰ (যাক ৰাৱাতিব বা'দিয়্যা বোলা হয়) উদ্দেশ্য হৈছে, ফৰজ নামাজত হোৱা ত্ৰুটি আদিক পূৰণ কৰা।
ছুন্নতসমূহৰ বহুতো উপকাৰিতা আছে। যেনে- ইয়াৰ ফলত নেকী বৃদ্ধি হয়, পাপ মোচন হয় আৰু মৰ্যাদা উন্নীত হয়।
এনেকুৱা প্ৰতিশ্ৰুতিমূলক হাদীছৰ ক্ষেত্ৰত আহলে ছুন্নত অল জামাআতৰ অন্যতম নীতি হৈছে এই যে, সেই ব্যক্তিজন তাওহীদৰ ওপৰত মৃত্যুবৰণ কৰিব লাগিব। লগতে ইয়াৰ দ্বাৰা বুজোৱা হৈছে সেই ব্যক্তিজন জাহান্নামত চিৰস্থায়ী নহ'ব। কিয়নো গুনাহগাৰ মুৱাহহীদ ব্যক্তি শাস্তিৰ উপযুক্ত, কিন্তু যদি তেওঁক শাস্তি বিহা হয়, তেওঁ জাহান্নামত চিৰস্থায়ী নহ'ব।
ছুনান আবি দাঊদ (2/ 448) (1269).
ছুনান তিৰমিজী (1/ 452) (428).
ছুনান নাছায়ী (3/ 265) (1816).
ছুনান ইবনে মাজাহ (2/ 238) (1160).
মুছনাদ আহমদ (44/ 358) (26772).
অধিক (4)
سبل السلام شرح بلوغ المرام.
لمحمد الصنعاني (1/ 336).
توضيح الأحكام مِن بلوغ المرام.
لعبد الله البسام (2/ 381).