শুনা! তোমালোকে প্ৰত্যেকেই নিজ প্ৰতিপালকৰ ওচৰত মুনাজাত কৰি আছা, গতিকে তোমালোকে ইজনে সিজনক অসুবিধা (কষ্ট) নিদিবা।
আবু ছাঈদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মছজিদত এতিকাফ কৰাৰ সময়ত চাহাবাসকলৰ উচ্চস্বৰে তিলাৱত কৰা শুনি পৰ্দা গুচাই ক'লেঃ "শুনা! তোমালোকে প্ৰত্যেকেই নিজ প্ৰতিপালকৰ ওচৰত মুনাজাত কৰি আছা, গতিকে তোমালোকে ইজনে সিজনক অসুবিধা (কষ্ট) নিদিবা। পৰস্পৰে পস্পৰৰ ওপৰত উচ্চস্বৰে তিলাৱত নকৰিবা", অথবা তেখেতে কৈছিলঃ "নামাজত উচ্চস্বৰে পাঠ নকৰিবা।"
اعْتَكَفَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِي المَسْجِدِ، فَسَمِعَهُمْ يَجْهَرُونَ بِالقِرَاءَةِ، فَكَشَفَ السِّتْرَ، فَقَالَ: «أَلَا إِنَّ كُلَّكُمْ مُنَاجٍ رَبَّهُ، فَلَا يُؤْذِيَنَّ بَعْضُكُمْ بَعْضًا، وَلَا يَرْفَعْ بَعْضُكُمْ عَلَى بَعْضٍ فِي القِرَاءَةِ»، أَوْ قَالَ: «فِي الصَّلَاةِ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মছজিদৰ ভিতৰত মহান আল্লাহৰ নৈকট্য অৰ্জনাৰ্থে এতিকাফত বহিছিল, সেই সময়ত তেখেতে লক্ষ্য কৰিলে যে, চাহাবাসকলে উচ্চস্বৰে চিঞৰি কোৰআন তিলাৱত কৰি আছে, ফলত ইজনৰ দ্বাৰা সিজনৰ অসুবিধা হৈ আছিল। তেতিয়া তেখেতে তম্বুৰ পৰ্দা গুচাই বাহিৰলৈ চাই সেই চাহাবাসকলক ভৰ্ৎসনা কৰি ক'লেঃ শুনা! তোমালোকে প্ৰত্যেকেই আল্লাহৰ সন্তুষ্টি অৰ্জনৰ বাবে কোৰআন পঢ়ি আছা, কিন্তু ইয়াৰ দ্বাৰা যাতে কোনোবাই কষ্ট নাপায় বা কাৰোবাৰ যাতে অসুবিধা নহয়। সেয়ে কোৰআন পঢ়াৰ সময়ত অথবা নামাজ পঢ়াৰ সময়ত ইজনে সিজনতকৈ উচ্চ ধ্বনিত কোৰআন তিলাৱত নকৰিবা।
যদি কোনোবাই কষ্ট পাব বুলি আশংকা থাকে, তেন্তে উচ্চস্বৰে কোৰআন তিলাৱত কৰিব নালাগে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক কোৰআন তিলাৱত কৰাৰো শিষ্টাচাৰ শিকাইছিল।
ছুনান আবি দাঊদ (2/ 494) (1332).
অধিক (4)
شرح سنن أبي داود للعباد (162/ 18).
شرح أبي داود للعيني (5/238).
شرح سنن ابي داود لابن رسلان (6/515).
ذخيرة العقبى (11/669).