যেতিয়াই কোনো মুছলিমে কোনো দুআ কৰে, যদি সেই দুআটোত কোনো গুনাহ নাথাকে, অথবা সেইটো আত্মীয়তাৰ বন্ধন ছিন্ন কৰাৰ বাবে নহয়, তেন্তে আল্লাহে সেই দুআৰ বিনিময়ত তাক এই তিনিটা বিষয়ৰ যিকোনো এটা প্ৰদান কৰে। ১- হয়তো লগে লগে তাৰ দুআ কবূল কৰে, ২- নাইবা আখিৰাতৰ বাবে সেইটো জমা কৰি ৰাখে, ৩- অথবা সেই পৰিমাণ কোনো বিপদ-আপদ দূৰ কৰি দিয়ে।" চাহাবাসকলে ক'লেঃ তেনেহ'লে আমি আৰু বেছি পৰিমাণে কৰিম। তেতিয়া তেখেতে ক'লেঃ "তেন্তে আল্লাহেও অধিক প্ৰদান কৰিব।
আবু ছাঈদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যেতিয়াই কোনো মুছলিমে কোনো দুআ কৰে, যদি সেই দুআটোত কোনো গুনাহ নাথাকে, অথবা সেইটো আত্মীয়তাৰ বন্ধন ছিন্ন কৰাৰ বাবে নহয়, তেন্তে আল্লাহে সেই দুআৰ বিনিময়ত তাক এই তিনিটা বিষয়ৰ যিকোনো এটা প্ৰদান কৰে। ১- হয়তো লগে লগে তাৰ দুআ কবূল কৰে, ২- নাইবা আখিৰাতৰ বাবে সেইটো জমা কৰি ৰাখে, ৩- অথবা সেই পৰিমাণ কোনো বিপদ-আপদ দূৰ কৰি দিয়ে।" চাহাবাসকলে ক'লেঃ তেনেহ'লে আমি আৰু বেছি পৰিমাণে কৰিম। তেতিয়া তেখেতে ক'লেঃ "তেন্তে আল্লাহেও অধিক প্ৰদান কৰিব।"
«مَا مِنْ مُسْلِمٍ يَدْعُو بِدَعْوَةٍ لَيْسَ فِيهَا إِثْمٌ، وَلَا قَطِيعَةُ رَحِمٍ، إِلَّا أَعْطَاهُ اللهُ بِهَا إِحْدَى ثَلَاثٍ: إِمَّا أَنْ تُعَجَّلَ لَهُ دَعْوَتُهُ، وَإِمَّا أَنْ يَدَّخِرَهَا لَهُ فِي الْآخِرَةِ، وَإِمَّا أَنْ يَصْرِفَ عَنْهُ مِنَ السُّوءِ مِثْلَهَا» قَالُوا: إِذنْ نُكْثِرُ، قَالَ: «اللهُ أَكْثَرُ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মুছলিমে যেতিয়া আল্লাহৰ ওচৰত দুআ কৰে, সেই দুআ যদি কোনো গুনাহ কৰাৰ উদ্দেশ্যে নহয়, উদাহৰণস্বৰূপে অমুক গুনাহটো যাতে সহজে কৰিব পাৰে অথবা এই অন্যায়মূলক কামটো যাতে সহজতে হয়, এনেকুৱা উদ্দেশ্য যদি নাথাকে। এইদৰে আত্মীয়ৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ উদ্দেশ্যে যাতে নহয়, যেনে- সন্তান-সন্ততি আৰু আত্মীয়ৰ বিৰুদ্ধে বদ্দুআ কৰা, তেন্তে সেই দুআটো এই তিনিটা পৰ্যায়ৰ যিকোনো এটা পৰ্যায়ত থাকিব। হয়তো তাৰ দুআ লগে লগে কবূল কৰি, তাক লগে লগে প্ৰতিদান দিয়া হয়। নাইবা আল্লাহে কিয়ামতৰ দিনা তাৰ মৰ্যাদা উন্নীত কৰিবলৈ, অথবা তাৰ প্ৰতি দয়া কৰি তাৰ গুনাহসমূহ ক্ষমা কৰিবলৈ সেই দুআৰ ছোৱাব জমা কৰি ৰাখে। অথবা সেই দুআৰ অনুপাতে এই পৃথিৱীতেই তাৰ পৰা কোনো বিপদ-আপদ দূৰ কৰি দিয়ে। তেতিয়া চাহাবাসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লেঃ তেন্তে এই ফজীলত পাবলৈ আমি বেছি বেছি দুআ কৰা উচিত? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকে বিচৰাতকৈও অধিক প্ৰতিদান আল্লাহৰ ওচৰত আছে। তেওঁৰ দান কেতিয়াও শেষ নহয়।
মুছলিমৰ দুআ কেতিয়াও ব্যৰ্থ নহয়, কিন্তু নিয়ম-নীতি আৰু চৰ্ত সাপেক্ষে। সেয়ে বান্দাই বেছি বেছি দুআ কৰা উচিত আৰু কবূল হোৱাকলৈ খৰখেদা কৰা উচিত নহয়।
দুআৰ উত্তৰ কেৱল দুআ কৰা বিষয়ৰ প্ৰাপ্তিৰ সৈতেই সীমিত নহয়। বৰং ইয়াৰ ফলত তাৰ গুনাহো ক্ষমা হ'ব পাৰে অথবা আখিৰাতৰ বাবে জমা কৰি ৰখা হ'ব পাৰে।
ইবনে বাজ ৰাহিমাহুল্লাহে কৈছেঃ কাকূতি-মিনতি কৰা, আল্লাহৰ প্ৰতি ভাল ধাৰণা পোষণ কৰা, নিৰাশ নোহোৱা আদি হৈছে দুআ কবূল হোৱাৰ অন্যতম উপায়। সেয়ে দুআ কৰাৰ সময়ত কাকূতি-মিনতি কৰি দুআ কৰিব লাগে, আৰু আল্লাহৰ প্ৰতি ভাল ধাৰণা পোষণ কৰিব লাগে। লগতে এই কথা মনত ৰখা উচিত যে, মহান আল্লাহ সৰ্বশক্তিমান, সৰ্বজ্ঞ। তেওঁ কেতিয়াবা নিজৰ হিকমত অনুযায়ী সোনকালেই প্ৰতিদান দিয়ে, আকৌ কেতিয়াবা হিকমত অনুযায়ী বিলম্বিত কৰে। লগতে তেওঁ প্ৰাৰ্থীয়ে বিচৰাতকৈও উত্তম প্ৰতিদান প্ৰদান কৰে।
মুছনাদ আহমদ (17/ 213) (11133).
অধিক (10)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 592).
تطريز رياض الصالحين.
لفيصل آل مبارك (ص805).
شرح رياض الصالحين.
لابن عثيمين (6/ 54).
مرقاة المفاتيح شرح مشكاة المصابيح.
للقاري (4/ 1537).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (2/ 1020).