যিজন ব্যক্তিৰ দুজনী স্ত্ৰী আছে, যদি তেওঁ এজনীৰ প্ৰতি বেছি ঢাল খায়, তেন্তে কিয়ামতৰ দিনা তেওঁ এনেকুৱা অৱস্থাত উপস্থিত হ'ব যে, তেওঁৰ শৰীৰৰ এটা কাষ ঢাল খাই থাকিব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
যিজন ব্যক্তিৰ দুজনী স্ত্ৰী আছে, যদি তেওঁ এজনীৰ প্ৰতি বেছি ঢাল খায়, তেন্তে কিয়ামতৰ দিনা তেওঁ এনেকুৱা অৱস্থাত উপস্থিত হ'ব যে, তেওঁৰ শৰীৰৰ এটা কাষ ঢাল খাই থাকিব।
«مَنْ كَانَتْ لَهُ امْرَأَتَانِ فَمَالَ إِلَى إِحْدَاهُمَا، جَاءَ يَوْمَ الْقِيَامَةِ وَشِقُّهُ مَائِلٌ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যাৰ একাধিক পত্নী আছে আৰু তেওঁ সিহঁতৰ মাজত সম্ভৱপৰ ন্যায় নকৰে, যেনে- ভৰণ-পোষণ, বাসস্থান, কাপোৰ কানি আৰু ৰাতি কটোৱাৰ ক্ষেত্ৰত সমতা নাৰাখে, তেন্তে কিয়ামতৰ দিনা সেই ব্যক্তিক এনেকুৱা শাস্তি বিহিব যে, তাৰ দেহৰ এটা অংশ ঢাল খাই থাকিব। কাৰণ সি পৃথিবীত অন্যায় কৰিছিল, এজনীক এৰি আনজনীৰ প্ৰতি বেছি ধাৱিত হৈছিল।
দুজনী অথবা একাধিক স্ত্ৰীসকলৰ মাজত সমানভাৱে বণ্টন কৰা অনিবাৰ্য্য। এজনীক এৰি আনজনীৰ প্ৰতি অধিক ধাৱিত হোৱা হাৰাম। সাধ্য অনুযায়ী ভৰণ-পোষণ, ৰাতি অতিবাহিত কৰা আৰু ভাল ব্যৱহাৰৰ ক্ষেত্ৰত সমতা ৰাখিব লাগে।
মানুহৰ সাধ্যত থকা বিষয়ত সমতা ৰাখিবলৈ কোৱা হৈছে। আনহাতে যিটো বিষয় মানুহৰ আয়ত্ত্বত নাই তেনেকুৱা বিষয় এই হাদীছৰ অন্তৰ্ভুক্ত নহয়, যেনে- অন্তৰ ধাৱিত হোৱা, কোনোবা এজনীক বেছি ভাল লগা আদি। এই কথাকে ইংগিত কৰি পৱিত্ৰ কোৰআনত আল্লাহে কৈছেঃ "আৰু তোমালোকে যিমানেই ইচ্ছা নকৰা কিয় তোমালোকৰ স্ত্ৰীসকলৰ মাজত তোমালোকে কেতিয়াও সমান ব্যৱহাৰ কৰিব নোৱাৰিবা।" (ছুৰা নিছাঃ ১২৯)
আমল অনুসৰিয়ে প্ৰতিদান দিয়া হয়। যিহেতু ব্যক্তিজনে পৃথিৱীত এজনী স্ত্ৰীক এৰি আনজনীৰ প্ৰতি বেছি ঢাল খাইছিল, সেয়ে কিয়ামতৰ দিনা তাৰ শৰীৰৰ এটা অংশ ঢাল খাই থাকিব।
মানুহৰ অধিকাৰৰ প্ৰতি গুৰুত্ব দিয়াটো অত্যন্ত জৰুৰী, এই ক্ষেত্ৰত কোনো ধৰণৰ ৰেহাই দিয়া নহয়; মানুহে নিজৰ অধিকাৰ পাবলৈ অত্যন্ত চিন্তিত থাকে আৰু সকলো সম্ভৱ প্ৰয়াস কৰে, ঠিক সেইদৰেই যিদৰে এজন কৃপণ ব্যক্তিয়ে সৰ্বতো প্ৰকাৰে সতৰ্ক থাকে।
যদি স্ত্ৰীসকলৰ মাজত ন্যায় ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আশংকা হয়, তেন্তে একাধিক স্ত্ৰীক বিবাহ নকৰাই ভাল। যাতে তাৰ দ্বাৰা কোনো গুনাহ নহয়। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ "আৰু যদি আশংকা কৰা যে, (সিহঁতৰ মাজত) সুবিচাৰ কৰিব নোৱাৰিবা তেনেহ’লে এজনীকেই (বিবাহ কৰোৱা)।" (ছুৰা নিছাঃ ৩)
ছুনান আবি দাঊদ (3/ 469) (2133).
ছুনান নাছায়ী (7/ 63) (3942).
ছুনান তিৰমিজী (2/ 434) (1141).
ছুনান ইবনে মাজাহ (3/ 143) (1969).
মুছনাদ আহমদ (13/ 320) (7936).
অধিক (9)
توضيح الأحكام مِن بلوغ المرام.
لعبد الله البسام (5/ 449).
فتح ذي الجلال والإكرام شرح بلوغ المرام.
لابن عثيمين (4/ 631).
منحة العلام في شرح بلوغ المرام.
لعبد الله الفوزان (7/ 463).
عون المعبود شرح سنن أبي داود.
ومعه حاشية ابن القيم.
محمد أشرف العظيم آبادي (6/ 121).