তোমালোকে তোমালোকৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। পাঁচ ওৱাক্ত নামাজ আদায় কৰা, তোমালোকৰ নিৰ্ধাৰিত মাহৰ ৰোজা পালন কৰা, আৰু তোমালোকৰ সম্পদৰ জাকাত আদায় দিয়া, লগতে তোমালোকৰ শাসকসকলৰ নিৰ্দেশনা মানি চলা, তেতিয়াহে তোমালোকৰ প্ৰতিপালকৰ জান্নাতত প্ৰৱেশ কৰিব পাৰিবা।
আবু উমামা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে বিদায়ী হজ্জৰ ভাষণত কৈছিলঃ
"তোমালোকে তোমালোকৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। পাঁচ ওৱাক্ত নামাজ আদায় কৰা, তোমালোকৰ নিৰ্ধাৰিত মাহৰ ৰোজা পালন কৰা, আৰু তোমালোকৰ সম্পদৰ জাকাত আদায় দিয়া, লগতে তোমালোকৰ শাসকসকলৰ নিৰ্দেশনা মানি চলা, তেতিয়াহে তোমালোকৰ প্ৰতিপালকৰ জান্নাতত প্ৰৱেশ কৰিব পাৰিবা।"
«اتَّقُوا اللَّهَ رَبَّكُمْ، وَصَلُّوا خَمْسَكُمْ، وَصُومُوا شَهْرَكُمْ، وَأَدُّوا زَكَاةَ أَمْوَالِكُمْ، وَأَطِيعُوا ذَا أَمْرِكُمْ تَدْخُلُوا جَنَّةَ رَبِّكُمْ».
চন ১১ হিজৰীত আৰাফাৰ দিনা বিদায়ী হজ্জত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উপস্থিত লোকসকলক সম্বোধন কৰি বিদায়ী ভাষণ প্ৰদান কৰিছিল। ইয়াক হাজ্জাতুল ৱিদা এইকাৰণে কোৱা হয়, কাৰণ এইটো আছিল তেখেতৰ বিদায়ী হজ্জ, য'ত তেখেতে মানুহক সম্বোধন কৰি বিদায়ী ভাষণ প্ৰদান কৰিছিল। তেখেতে সেই ভাষণত আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে, লগতে আল্লাহৰ আদেশ মানিবলৈ আৰু তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশনা দিছে। এইদৰে আল্লাহে ফৰজ কৰা দিনে ৰাতি পাঁচ ওৱাক্ত চালাত আদায় কৰিবলৈ কৈছে। ৰমাজান মাহৰ ৰোজা ৰাখিবলৈ কৈছে। ধন-সম্পদৰ জাকাত হিতাধিকাৰীক আদায় দিবলৈ নিৰ্দেশ দিছে। এই ক্ষেত্ৰত কৃপণালি কৰিবলৈ বাৰণ কৰিছে। এইদৰে আল্লাহে যিসকলক শাসক বনাইছে, তেওঁলোকৰ গুনাহ ব্যাতিত সকলো নিৰ্দেশনা মানি চলাৰ নিৰ্দেশ দিছে। এইবোৰ কৰ্ম যিয়ে কৰিব, তাৰ প্ৰতিদান হৈছে জান্নাত।
...:
এইবোৰ কৰ্ম হৈছে জান্নাতত প্ৰৱেশৰ অন্যতম উপায়।
ছুনান তিৰমিজী (1/ 602) (616).
মুছনাদ আহমদ (36/ 486) (22161).
অধিক (4)
شرح رياض الصالحين.
لابن عثيمين (1/ 534).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 105).